মাজুলীত খঞ্জনপ্ৰতীম তালুকদাৰলৈ ‘মি: অসম-২০১৮’ খিতাপ

Khanjan talukder.docx photo

মি: অসম খিতাপ লাভ কৰা খঞ্জনপ্ৰতীম তালুকদাৰ। ফটো : নৰ্থইষ্ট নাও

মাজুলীত বুধবাৰে নিশা সামৰণি পৰা ৪৬ সংখ্যক দেহশ্ৰী প্ৰতিযোগিতাত বৰপেটাৰ শৰীৰ চৰ্চাবিদ খঞ্জনপ্ৰতীম তালুকদাৰে লাভ কৰে “মি:অসম-২০১৮” ৰ সন্মান।

ৰাজ্যৰ ২২ খন জিলাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ চূড়ান্ত ৰাউণ্ডত তালুকদাৰে এই সন্মান লাভ কৰিবলৈ সক্ষম হয় ৷ সত্ৰনগৰী বৰপেটাৰ শৰীৰ চৰ্চাবিদ গৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে বৰপেটাৰ শৰীৰ চৰ্চাবিদসকল ৷

পোন প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত ৪৬ সংখ্যক অসম ৰাজ্যিক দেহশ্ৰী প্ৰতিযোগিতাখনত অসম শৰীৰ চৰ্চা আৰু ফিটনেছ সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থকাৰ লগতে প্ৰায় ৩০০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷

মাজুলীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ যোৱা নিশা হোৱা চূড়ান্ত ৰাউণ্ডত খঞ্জনপ্ৰতীম তালুকদাৰে “মি:অসম-২০১৮” ৰ খিতাপ লাভ কৰে ৷

উল্লেখ্য যে, বৰপেটাৰ “ফিট ফেক্টৰী জীম” ৰ পৰিচালক তালুকদাৰে কিছুদিন পূৰ্বে বৰপেটাত অনুষ্ঠিত দেহশ্ৰী প্ৰতিযোগিতাত “মি: বৰপেটা” ৰ খিতাপো লাভ কৰিছিল।