সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান হিচাপে নিৰ্বাচিত মৃণাল দাস

'কা' বিৰোধী স্থিতিত অটল থাকিব সদৌ অসম কৰ্মচাৰী পৰিষদ : মৃণাল দাস

সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া অধিবেশনৰ প্ৰতিনিধি সভাত পৰিষদৰ সম্পাদক প্ৰধান হিচাপে নিৰ্বাচিত হৈছে তামুলপুৰৰ সুযোগ্য সন্তান মৃণাল দাস। সম্প্ৰতি এই খবৰে স্বাভাৱিকতেই উচাহৰ ঢল নমাই আনিছে বাক্সা জিলাৰ তামুলপুৰলৈ।

নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ কৰ্মচাৰী মৃণাল দাসে ১২ জানুৱাৰিত তিনিচুকীয়াৰ পৰা পোনে পোনে তামুলপুৰৰ নিজ বাসগৃহত উপস্থিত হয়। বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সদৌ বাক্সা জিলা ছাত্র সন্থাৰ উপ সভাপতি সৰঞ্জন ৰাভা, তামুলপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দমন পাটোৱাৰী আৰু সাধাৰণ সম্পাদকসহ আছুৰ এটি সঁজাতী দলে মৃণাল দাসক ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়।

সাংবাদিকৰে হোৱা কথাবাৰ্তাত এসময়ত আছুক বলিষ্ঠ নেতৃত্ব দি পৰৱৰ্তী সময়ত কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান হিচাপে নিৰ্বাচিত হৈ তেওঁ আনন্দিত হোৱা বুলি প্ৰকাশ কৰাৰ লগতে এই গুৰু দায়িত্ব বহন কৰাৰ ক্ষেত্ৰত অসমৰ সকলো কৰ্মচাৰী তথা দল সংগঠনৰ সহায়-সহযোগিতা কামনা কৰে মৃণাল দাসে।

তেওঁ কয় যে এই পদবী লাভ কৰি তেওঁ অত্যন্ত সুখী যদিও তেওঁৰ দায়িত্ব যথেষ্ট গধুৰ। এই গধুৰ দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰিবলৈ তেওঁ বদ্ধপৰিকৰ বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

তাৰোপৰি ৰাজ্যিক কৰ্মচাৰী সকলৰ যি জ্বলন্ত সমস্যা আছে সেই সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কৰ্মচাৰীসকলক আন্দোলনমুখী নকৰাকৈ চৰকাৰৰ সৈতে আলাপ-আলোচনাৰ মাজেৰে সমাধানৰ পথ মুকলি কৰাৰ চেষ্টা চলাব বুলি দাসে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়।

আনহাতে ‘কা’ সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ স্থিতি কি হ’ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত সম্পাদক প্ৰধান মৃণাল দাসে কয় যে অসম আন্দোলনৰ পটভূমিত গঠন হৈছিল সদৌ অসম কৰ্মচাৰী পৰিষদ। অসম আন্দোলনৰ সময়ত বিভিন্ন কৰ্মচাৰী সংগঠন সুসংগঠিত হৈ আজি এই অৱস্থাপ্ৰাপ্ত হৈছে। গতিকে জাতিধ্বংসী ‘কা’ ক লৈ সদৌ অসম কৰ্মচাৰী পৰিষদে কেতিয়াও আপোচ নকৰে।

“চৰকাৰী কৰ্মচাৰীৰ সমস্যাৰ ক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে আপোচ কৰিলেও অসমৰ জাতীয় সমস্যা হিচাপে পৰিগণিত ‘কা’ক লৈ কোনো কাৰণতে আপোচ নকৰে আৰু ভৱিষ্যতেও সদৌ অসম কৰ্মচাৰী পৰিষদে ‘কা’ বিৰোধী স্থিতি গ্ৰহণ কৰি যাব” মন্তব্য মৃণাল দাসৰ।