NORTHEAST NOW (Assamese)

পাঁচটা বলত পাঁচটা ছিক্সাৰ: ধোনী ৰিটাৰ্নছ ||Video

March 6, 2020 6:45 pm · এন ই নাও নিউজ
মহেন্দ্ৰ সিং ধোনী। ফটো উৎস: ইন্টাৰনেট

ধোনী ঘূৰি আহিছে। বহুদিনৰ পিছত ক্ৰিকেটৰ পথাৰলৈ অহা ভাৰতীয় জাতীয় দলৰ প্ৰাক্তন অধিনায়কজনে শেহতীয়াকৈ পাঁচটা বলত পাঁচটা ছিক্সাৰ মৰাৰ এক ভিডিঅ’ ভাইৰেল হৈছে।

ষ্টাৰ স্প’ৰ্টছ তামিলে টুইট কৰা ভিডিঅ’টোত চি এছ কেৰ অধিনায়কজনে চেন্নাইত অনুশীলনৰ সময়ত পাঁচটা বলত পাঁচটা ছিক্স মৰা বুলি কোৱা হৈছে।


২০১৯ চনৰ ক্ৰিকেট বিশ্বকাপৰ পিছৰে পৰা খেলৰ পৰা আঁতৰি থকা উইকেটকীপাৰ-বেটছমেনজনে যোৱা ২ মাৰ্চৰ পৰা অনুশীলন আৰম্ভ কৰিছে।

আৰম্ভ হ’ব লগা আই পি এল ২০২০ ৩৮ বছৰীয়া ধোনীৰ ক্ৰিকেট কেৰিয়াৰত নিৰ্ণায়ক হ’ব বুলি চৰ্চিত হৈছে।

আসন্ন ১৩সংখ্যক আই পি এলত ধোনীৰ প্ৰদৰ্শনে টি২০ৰ ৰাষ্ট্ৰীয় দলত তেওঁৰ স্থান পোৱা নোপোৱাৰ উত্তৰ দিব বুলি ইতিমধ্যে প্ৰশিক্ষক ৰৱি শাস্ত্ৰীয়ে মন্তব্য কৰিছিল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ শেহতীয়া বছেৰেকীয়া চুক্তিৰ পৰাও ৩৮ বছৰীয়া ক্ৰিকেটাৰগৰাকী বাদ পৰিছিল। কিন্তু, তিনিবাৰৰ আই পি এল বিজয়ী চেন্নাই চুপাৰ কিংছৰ হৈ ধোনীয়ে ২০২১ বৰ্ষতো খেলিব বুলি প্ৰকাশ।

ধোনীয়ে সম্ভৱতঃ শীঘ্ৰে এদিনীয়া খেলৰ পৰা অৱসৰ ল’ব বুলিও কিছুদিন পূৰ্বে প্ৰশিক্ষক শাস্ত্ৰীয়ে মন্তব্য কৰিছিল।

“সোনকালেই তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰণি মাৰিব,” ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে এটা টিভি চেনেলৰ শেহতীয়া এক সাক্ষাৎকাৰত কয়।

এইসমূহ চৰ্চাৰ মাজতে “জানুৱাৰিলৈকে” এই সন্দৰ্ভত একো নুশুধিবলৈ পূৰ্বে ধোনীয়ে অনুৰোধ জনাইছিল।

ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেলেৰে মুম্বাইত ২৯ মাৰ্চত ২০২০ বৰ্ষৰ আই পি এলৰ শুভাৰম্ভ হ’ব।

Related News