ধোনীলৈ সন্মান: এতিয়াৰ পৰা ২২ গজৰ ‘মেন ইন ব্লু’ত উপলব্ধ নহ’ব ৭ নম্বৰ জাৰ্চি

MS Dhoni

বিশ্ব ক্ৰিকেটৰ ইতিহাসত সৰ্বশ্ৰেষ্ঠ অধিনায়কৰ তালিকাত নিশ্চিতভাৱে সদায়েই নাম থাকিব ভাৰতৰ কিংবদন্তি অধিনায়ক এম এছ ধোনীৰ। ধোনীৰ নেতৃত্বতে সফলতাৰ শিখৰত উপনীত হৈছিল ভাৰতীয় ক্ৰিকেট।

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ পিছতো কিংবদন্তি তাৰকাগৰাকী ক্ৰিকেট বিশ্বত পূৰ্বৰ দৰেই জনপ্ৰিয়। ভাৰতীয় ক্ৰিকেটলৈ আগমণ ঘটা যুৱ তাৰকাসকলেও প্ৰায়ে স্মৰণ কৰা দেখা যায় ধোনীয়ে দিয়া উপদেশ বা তেওঁৰ সৈতে কটোৱা সময়।

পিছে যুৱ ক্ৰিকেটাৰসকলৰ ধোনীৰ প্ৰতি অভিনৱ শ্ৰদ্ধা-সন্মান থাকিলেও তথা তেওঁক আইকন হিচাপে গ্ৰহণ কৰি ৭ নম্বৰ জাৰ্চি পৰিধান কৰি ক্ৰিকেট জগতত পদাৰ্পনৰ ইচ্ছা থাকিলেও সেই ইচ্ছা এতিয়া ত্যাগ কৰিব লাগিব।

ভাৰতীয় ক্ৰিকেটলৈ ধোনীয়ে আগবঢ়োৱা অৱদান তথা তেওঁৰ খ্যাতিৰ প্ৰতি সন্মান জনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে, চমুকৈ বি চি চি আয়ে ধোনীয়ে পৰিধান কৰা আইকনিক ৭ নম্বৰ জাৰ্চি চিৰদিনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

বি চি চি আইৰ এই সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটত উপলব্দ নাথাকিব ৭ নম্বৰ জাৰ্চি। অৰ্থাৎ কোনো নতুন খেলুৱৈয়ে পৰিধান কৰিব নোৱাৰিব ৭ নম্বৰৰ জাৰ্চি। ভাৰতীয় ক্ৰিকেটত দ্বিতীয়বাৰৰ বাবে এই সিদ্ধান্ত লয় বি চি চি আয়ে।

ইতিপূৰ্বে ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰে পৰিধান কৰা ১০ নম্বৰ জাৰ্চি চিৰদিনৰ বাবে সংৰক্ষণৰ সিদ্ধান্ত লৈছিল বি চি চি আয়ে। শচীনৰ অৱসৰৰ পিছত কিছুদিনৰ বাবে শাৰ্দুল ঠাকুৰে ১০ নম্বৰ পৰিধান কৰিছিল।

অৱশ্যে বি চি চি আইৰ সিদ্ধান্তৰ পিছত শাৰ্দুলে বাদ দিয়ে ১০ নম্বৰ জাৰ্চি। উল্লেখ্য যে, ভাৰতীয় ক্ৰিকেটৰ অন্যতম সফল তাৰকা ধোনীৰ নেতৃত্বতে ভাৰতে ২০০৭ চনৰ টি-২০ বিশ্বকাপ, ২০১১ চনৰ এদিনীয়া বিশ্বকাপ আৰু ২০১৩ চনৰ চেম্পিয়নছ ট্ৰফী জয় কৰিছিল।

ভাৰতৰ হৈ ৩৫০খন এদিনীয়া মেচত ১০টা শতক আৰু ৭৩টা অৰ্ধশতকসহ ৫০.৫৭ গড়ে ১০,৭৭৩ ৰাণ, টি-২০ত ৩৭.৬০ গড়ে ধোনীয়ে ৯৮খন মেচত ১,৬১৭ ৰাণ আৰু ৯৭খন টেষ্টত ৬ শতক আৰু ৩৩টা অৰ্ধশতকসহ ৪,৮৭৬ ৰাণ সংগ্ৰহ কৰিছিল।

লগতে উইকেটকীপাৰ হিচাপেও ধোনী পৰিণত হৈছিল ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফল। টেষ্টত ২৫৬ টা কেচ আৰু ৩৮ টা ষ্টাম্পিং, এদিনীয়াত ৩২১ টা কেচ আৰু ১২৩ টা ষ্টাম্পিং, টি-২০ ত ৫৭ টা কেচ আৰু ৩৪ টা ষ্টাম্পিং আছে ধোনীৰ নামত।