NORTHEAST NOW (Assamese)

ক্ষোভত ফাটি পৰিল ‘শক্তিমান’ মুকেশ খান্না, কাক খেদি খেদি পিটিবলৈ উপদেশ দিলে শক্তিমানে, কিয়?

May 12, 2021 2:30 pm · এন ই নাও নিউজ
Updated: May 12, 2021 2:55 pm

মঙলবাৰে হঠাৎ টুইটাৰকে ধৰি সামাজিক মাধ্যমসমূহত ‘শক্তিমান’ মুকেশ খান্নাৰ মৃত্যু সংবাদ বিয়পি পৰে।

ইয়াৰ পূৰ্বে তেওঁৰ অসুস্থ হোৱাৰো কোনো খবৰ পোৱা নগৈছিল।

মৰ্মাহত অনুৰাগীসকলে অভিনেতাজনৰ আত্মাৰ শান্তিৰ কামনা কৰিবলৈও আৰম্ভ কৰি দিছিল।

কিন্তু তাৰ পাছতে ‘শক্তিমান’ৰ পুনৰ আগমণ ঘটিল ইনষ্টাগ্ৰামত।

 

View this post on Instagram

 

A post shared by Mukesh Khanna (@iammukeshkhanna)

মঙলবাৰে ৰাতিয়ে তেওঁ এটা ভিডিঅ’যোগে তেওঁৰ সুস্থ অৱস্থাৰ খবৰ দিয়ে।

”মই বহুত ভালকৈ আছো। আপোনালোকৰ প্ৰাৰ্থনাৰে মই সুস্থ।”- অনুৰাগীসকলক তেওঁ কয়।

তদুপৰি ভিডিঅ’টোত তেওঁ পৰামৰ্শ দিয়ে যে যিসকলে এনেধৰণৰ খবৰ বিয়পাইছে, সিহঁতক ধৰি ধৰি মাৰক।

সেই লোকসকলক তেওঁ অন্ধকাৰৰ দূত বুলিও আখ্যা দিয়ে।

তেওঁ কয় যে উৰাবাতৰিৰ ফলত তেওঁৰ পৰিয়ালতো আতংক বিয়পি পৰিছে, ফোনৰ পাছত ফোন আহিছে।

Related News