NORTHEAST NOW (Assamese)

ভাৰতৰ ধৰ্মীয় উৎসৱ কুম্ভমেলাত ভিৰ! পদপিষ্ট হৈ কেইবাজনৰো মৃত্যুৰ আশংকা

January 29, 2025 9:29 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 29, 2025 9:32 am

বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় উৎসৱ মহাকুম্ভ মেলাত বুধবাৰে লাখ লাখ ভক্তই নদীত গা ধুবলৈ যোৱাৰ সময়তে একাধিক লোকৰ মৃত্যুৰ হোৱাৰ আশংকা কৰা হৈছে।

মহোৎসৱৰ বিশেষ কাৰ্যবাহী বিষয়া আকাংক্ষা ৰাণাই জনোৱা মতে, প্ৰয়াগৰাজ মহানগৰ মহাকুম্ভ মেলাত বাধা ভাঙি ভক্তই ভিৰ কৰে। ফলত কেইবাগৰাকীও লোক আহত হয়।

অৱশ্যে চৰকাৰী কৰ্তৃপক্ষই হতাহতৰ সংখ্যা নিশ্চিত কৰা নাই। বুধবাৰে পুৱা ৰাণাই কয় যে “কেইবাজনো লোক” আহত হৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছে যদিও বিষয়াসকলে এতিয়াও ক্ষতিৰ পৰিমাণৰ মূল্যায়ন কৰি আছে।

স্থানীয় সংবাদ মাধ্যমৰ মতে নদীৰ পাৰত কেইবাটাও মৃতদেহ দেখিবলৈ পোৱা গৈছে। সেই স্থানৰ পৰা মৃতদেহ ষ্ট্ৰেচাৰত কঢ়িয়াই নিয়া হৈছে।

শেহ্তীয়া খবৰ অনুস​ৰি এতিয়ালৈকে এই ঘটনাত ১৫ জনতকৈ অধিক লোকৰ মৃত্য়ু হৈছে

সংবাদ মাধ্যমে প্ৰচাৰ কৰা ভিডিঅ’ত দেখা গৈছে যে ভিৰৰ মাজেৰে এম্বুলেন্সত হতাহতক ওচৰৰ চিকিৎসালয়লৈ অনা হৈছে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১০ কোটি হিন্দু ভক্তই এই স্থান পৰিদৰ্শন কৰি স্নান কৰাৰ কথা আছিল।

Related News