NORTHEAST NOW (Assamese)

মুম্বাই ক্ৰিকেট সন্থাঃ ৰোহিত শৰ্মাৰ নামেৰে নামকৰণ পেভিলিয়ন

April 16, 2025 11:50 am · এন ই নাও নিউজ, গুৱাহাটী

মুম্বাই ক্ৰিকেট সন্থাই (MCA) মঙলবাৰে সফলতাৰে অনুষ্ঠিত হৈ যায় ৮৬ সংখ্যক বাৰ্ষিক সাধাৰণ সভা। এই বৈঠকত ভাৰতীয় ক্ৰিকেট আইকন ৰোহিত শৰ্মাৰ নামত ৱানখেড়ে ষ্টেডিয়ামৰ দিভেচা পেভিলিয়নৰ নাম সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ অ’পেনাৰ ৰোহিত শৰ্মাৰ খেলুৱৈ জীৱনত তেওঁ ৪৯৯খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলি ১৯,৭০০ ৰান সংগ্ৰহ কৰিছে। তেওঁ ৪৯টা শতক আৰু ১০৮টা অৰ্ধশতকৰ লগতে ৱান ডে ইণ্টাৰনেশ্যনেলত ২৬৪ ৰানৰ সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ অভিলেখ আছে। তদুপৰি, তেওঁ এদিনীয়াত তিনিটাকৈ ডাবল চেঞ্চুৰী কৰা একমাত্ৰ খেলুৱৈ।

ৰোহিতৰ এই অসামান্য অৱদানক সন্মান জনাই, দিভেচা পেভিলিয়ন লেভেল ৩ৰ নাম “ৰোহিত শৰ্মা ষ্টেণ্ড” হিচাপে উচৰ্গা কৰা হৈছে। সভাত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে আৰু কেইবাটাও ডাঙৰ ষ্টেণ্ডৰো নাম সলনি কৰা হৈছে। গ্ৰেণ্ড ষ্টেণ্ড লেভেল ৩ এতিয়া “শ্ৰী শৰদ পাৱাৰ ষ্টেণ্ড” আৰু গ্ৰেণ্ড ষ্টেণ্ড লেভেল ৪ক “অজিত ৱাডেকাৰ ষ্টেণ্ড” নামেৰে জানজাত হ’ব।

সভাত তৃণমূল পৰ্যায়ৰ ক্ৰিকেট শক্তিশালী কৰাৰ বাবে সংযুক্ত ক্লাবসমূহৰ আৰ্থিক পুঁজি ৭৫ কোটিলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভবিষ্যতে ১০০ কোটিলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা মুম্বাই ক্ৰিকেট সন্থাইৰ।

সভাত এমচিএৰ প্ৰাক্তন সভাপতি প্ৰয়াত আমোল কালেক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে মুম্বাই ক্ৰিকেটলৈ তেওঁৰ অৱদানক সন্মান জনাই এমচিএ পেভিলিয়নত থকা মেচ ডে অফিচৰ নাম সলনি কৰি “এমচিএ অফিচ লাউঞ্জ – ইন মেম’ৰী অৱ আমোল কালে” নামেৰে নামাকৰণ কৰিছে।

Related News