ছৈয়দ মুস্তাক আলীত মুম্বাইৰ বিৰুদ্ধে পৰাস্ত অসম; বেটে-বলে উজলিল ৰিয়ান পৰাগ

Riyan-Parag

ৰিয়ান পৰাগ, উৎস-ইণ্টাৰনেট

ছৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত দেওবাৰে মুম্বাইৰ বিৰুদ্ধে পৰাস্ত হৈছে অসম।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত প্ৰথমে বেট ধৰি মুম্বায়ে নিৰ্ধাৰিত ২০ অভাৰত পাঁচটা উইকেট হেৰুৱাই বিশাল ২০৬ ৰাণ সংগ্ৰহ কৰে।

মুম্বাইৰ হৈ এবছৰৰ নিষেধাজ্ঞাৰ অন্ত পেলাই দললৈ প্ৰত্যাৱৰ্তন কৰা যুৱ খেলুৱৈ পৃথ্বী শ্বই ৬৩ ৰাণ সংগ্ৰহ কৰে। শ্বই মাত্ৰ ৩৯ টা বলত ৭ টা চাৰি আৰু ২ টা ছয়েৰে নিজৰ অৰ্ধশতকীয় ইনিংছটো সজায়।

শ্বৰ উপৰিও আনজন অপেনাৰ আদিত্য টাৰে মাৰমুখী বেটিঙেৰে ৮২ ৰাণ কৰে। মুম্বাইৰ দুই নিৰ্ভৰযোগ্য বেটছমেন শ্ৰেয়াছ আয়াৰ আৰু সূৰ্য্য কুমাৰ যাদৱ ব্যৰ্থ হয়।

অসমৰ হৈ বলিঙত ৰিয়ান পৰাগে তিনিটা আৰু আবু নাছিম আহমেদ দুটা উইকেট দখল কৰে।

মুম্বাইৰ বিশাল ২০৬ ৰাণৰ প্ৰত্যুত্তৰত অসমে বেট ধৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই মাত্ৰ ১২৩ ৰাণহে কৰিবলৈ সক্ষম হয়।

অসমৰ দুই অপেনাৰ পল্লৱ কুমাৰ দাস আৰু হৃষিকেশ তামুলী মাত্ৰ ০ আৰু ৫ ৰাণ কৰি আউট হয়।

অসমৰ হৈ ৰিয়ান পৰাগে সৰ্বাধিক ৩৮ ৰাণৰ বৰঙণি যোগায়। মুম্বাইৰ ধৱল কুলকাৰ্ণী, শিৱম ডুবে আৰু শ্বামছ মৌলানীয়ে দুটাকৈ উইকেট দখল কৰে।