NORTHEAST NOW (Assamese)

আন এক বৰ্বৰ হত্যাকাণ্ড: এইবাৰ ট্ৰাংকৰ ভিতৰত উদ্ধাৰ মহিলাৰ দেহৰ কটা টুকুৰা, গ্ৰেপ্তাৰ নিজ কন্যাক

March 15, 2023 6:11 pm · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ড আৰু নিকি যাদৱ হত্যাকাণ্ডই দেশজুৰি সৃষ্টি কৰা চাঞ্চল্যৰ ঢৌ মাৰ নাযাওঁতেই পুনৰ পোহৰলৈ আহিছে অনুৰূপ আন এক হত্যাকাণ্ড। এইবাৰ এই বৰ্বৰ হত্যাকাণ্ডৰ অভিকেন্দ্ৰ হৈছে মায়ানগৰী মুম্বাই।

আজি মুম্বাইৰ এটা অট্টালিকাৰ আলমাৰীত ভৰাই থোৱা প্লাষ্টিকৰ বেগত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ ক্ষত-বিক্ষত মৃতদেহ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মৃতদেহটো বীনা জৈন নামৰ এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীৰ মৃতদেহটোৰ অংগচ্ছেদ কৰা হৈছে বুলি উল্লেখ কৰি আৰক্ষীয়ে লগতে এটা টেংকৰ ভিতৰত লুকুৱাই ৰখা ষ্টীলৰ বাকচত মৃতদেহৰ মাংস আৰু হাড়ৰ টুকুৰা উদ্ধাৰ কৰা হৈছে বুলি সদৰী কৰিছে।

মৃতদেহটোৰ পচি যোৱা অৱস্থালৈ লক্ষ্য ৰাখি আৰক্ষীয়ে মহিলাগৰাকীক হত্যা কৰি কেইবামাহো ধৰি মৃতদেহটো আলমাৰীত ৰখা হৈছিল বুলি সন্দেহ কৰিছে। মুম্বাইৰ লালবাউগ অঞ্চলত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এই মৃতদেহটো।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, মৃত মহিলাগৰাকীৰ ভাতৃ আৰু ভতিজাকে মঙলবাৰে আৰক্ষীৰ ওচৰত মহিগৰাকী নিৰুদ্দেশ হোৱা বুলি অভিযোগ দাখিল কৰিছিল। তেওঁলোকে শেষবাৰৰ বাবে ২৬ নৱেম্বৰত মহিলাগৰাকীক দেখা পোৱা বুলি উল্লেখ কৰিছিল।

বীনা জৈনৰ প্ৰথম মহলাৰ এপাৰ্টমেণ্টত আৰক্ষীয়ে তালাচী চলাওঁতে আলমাৰীটোত থকা প্লাষ্টিকৰ বেগটো উদ্ধাৰ কৰে আৰু বেগটো পৰীক্ষা কৰাৰ সময়তে মৃতদেহটো উদ্ধাৰ কৰে।

ইফালে আৰক্ষীয়ে মৃত মহিলাগৰাকীৰ কন্যা ৰিম্পল জৈনক কেইবাঘণ্টা ধৰি জেৰা চলোৱাৰ পিছত মাতৃৰ হত্যাত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে কেনেদৰে তেওঁৰ মৃত্যু হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে।

Related News