NORTHEAST NOW (Assamese)

শিহৰণকাৰী! ১৫ বছৰধৰি সযতনে লুকুৱাই ৰখা এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, ক’ত?

May 20, 2021 6:57 pm · এন ই নাও নিউজ

পোন্ধৰ বছৰ ধৰি এটা মৃতদেহ হত্যাকাৰীজনে লুকুৱাই ৰখাৰ পৰা উদ্ধাৰ কৰা হৈছে।

মৃতদেহটোৰ গোন্ধ বিয়পি নপৰিবলৈ হত্যাকাৰীজনে ৭০টাকৈও অধিক এয়াৰ ফ্ৰেশ্বনাৰ ব্যৱহাৰ কৰিছিল।

শিহৰণকাৰী এই ঘটনাটো সংঘটিত হৈছে অষ্ট্ৰেলিয়াৰ ছিডনীত।

স্থানীয় সংবাদমাধ্যমত বৃহস্পতিবাৰে প্ৰকাশ পোৱা মতে, ব্ৰুছ ৰবাৰ্টছ (Bruce Roberts) নামৰ এজন লোকে শ্বেন স্নেলমান ( Shane Snellman) নামৰ ৩৯ বৰ্ষীয় এজন ডকাইতক ২০০২ চনত হত্যা কৰিছিল।

হত্যা কৰাৰ পাছত ডকাইতজনৰ মৃতদেহটো ৰবাৰ্টে নিজৰ ঘৰৰ শোৱাকোঠাত লুকুৱাই ৰাখে।

জানিব পৰামতে, হত্যাকাৰী ৰবাৰ্টছ এজন অকলশৰে থাকি ভালপোৱা মানুহ আছিল আৰু ঘৰ এৰি কাচিৎহে বাহিৰলৈ উলাই গৈছিল।

২০১৭ চনত ৰবাৰ্টছৰ মৃত্যু হয়।

ৰবাৰ্টছৰ মৃত্যুৰ এবছৰ পাছত যেতিয়া ঘৰটো পৰিষ্কাৰ কৰা হয়, শোৱাকোঠাৰ জাবৰৰ দমৰ মাজত এটা মৃতদেহ উদ্ধাৰ হোৱাত পৰিষ্কাৰকৰ্মীসকল আচৰতি উঠে।

মৃতদেহটোৰ কাষত ৭০টাকৈ এয়াৰ ফ্ৰেশ্বনাৰৰ বটল পোৱা যায়।

বৃহস্পতিবাৰে এই ঘটনাটো এখন স্থানীয় আদালতত ৰাজহুৱাভাৱে উপস্থাপন কৰা হয়।

তাৰপাছতে এই শিহৰণকাৰী ঘটনাটো অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Related News