কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু

Murder Case Against Union Minister's Son In UP Violence

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকক গাড়ীৰে মহতীয়াই হত্যা কৰাৰ অভিযোগত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

ৰুজু হোৱা FRIত আন কেইবাজনো লোকৰ নামো সন্নিৱিষ্ট কৰা হৈছে।

উল্লেখ্য যে এই হিংসাত্মক ঘটনাত চাৰিজন কৃষক নিহত হৈছিল। আনহাতে মন্ত্ৰীৰ কনভয়ৰ লগত অহা চাৰিজন ব্যক্তিৰো মৃত্যু হৈছিল।
যোৱা মাহৰ শেষৰ ফালে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰই কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সম্পৰ্কে মন্তব্য কৰিছিল যে “এইয়া ১০-১৫ জন লোকৰ প্ৰতিবাদ আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ মাত্ৰ দুই মিনিট লাগিব”।

মিশ্ৰৰ এই ভাষণৰ বিৰোধ কৰি কৃষকসকলে লখিমপুৰ খেৰি জিলা ভ্ৰমণৰত উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু অজয় মিশ্ৰৰ ভ্ৰমণ অৱৰোধ কৰিবলৈ একত্ৰিত হৈছিল।

প্ৰতিবাদকাৰী কৃষকসকলে মন্ত্ৰীদুজনৰ আগমন বন্ধ কৰিবলৈ হেলিপেড ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচী শেষ হোৱাৰ পিছত কৃষকসকল উভতি আহিছিল আৰু সেই মুহূৰ্ততে মন্ত্ৰীপুত্ৰৰ কনভয়ে কৃষকসকলক মহতীয়াই নিছিল। এজন কৃষকৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ পাছত আন তিনিজন কৃষকৰ চিকিৎসালয়ত মৃত্যু হয়। মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ আক্ৰমণ সংঘটিত কৰা গাড়ীখনত আছিল।” কৃষক সংঘৰ এজন নেতা ডাঃ দৰ্শন পালে কয়।

অৱশ্যে মন্ত্ৰী অজয় মিশ্ৰাই তেওঁৰ পুত্ৰ আশীষ মিশ্ৰ হিংসাৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

আশীষ মিশ্ৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত উপ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত আছিল বুলি তেওঁ মন্তব্য কৰে।

ইফালে হিংসাপীড়িত জিলাখনৰ কিছু অংশত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে উত্তৰ প্ৰদেশ চৰকাৰে। জিলাখনত ইতিমধ্যে ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা টুইটাৰযোগে ঘটনাটোক “দুৰ্ভাগ্যজনক” বুলি আখ্যা দিয়ে আৰু কয় যে জিলা প্ৰশাসনৰ মতে এতিয়ালৈকে আঠজন লোক হতাহত হোৱাৰ খবৰ পোৱা গৈছে।

ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটৰ লগতে কেইবাজনো সমৰ্থক আজি পুৱাই হিংসাপীড়িত লখিমপুৰ জিলাত উপস্থিত হয়।

শ্ৰীযুত টিকাইটে ভৱিষ্যতৰ কাৰ্যপন্থা গাওঁবাসী আৰু কৃষকসকলৰ সৈতে হোৱা আলোচনাৰ আধাৰত কৰা হ’ব বুলি জানিবলৈ দিয়ে।