NORTHEAST NOW (Assamese)

কি পৰ্যায়লৈ গৈছে যুৱ প্ৰজন্ম! অনলাইন গেমৰ বাবে হত্যা কৰি নদীত পেলাই দিলে মাকৰ মৃতদেহ

February 25, 2024 1:13 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

প্ৰযুক্তিৰ বিকাশে আকাশ স্পৰ্শ কৰাৰ সময়তে আকৌ এবাৰ প্ৰমাণিত হৈছে যে অনলাইন গেমৰ নিচাই মানুহক যিকোনো দিশলৈ লৈ যাব পাৰে। 

উত্তৰ প্ৰদেশৰ ফতেহপুৰত সংঘটিত হৈছে এই ভয়ানক ঘটনা। অনলাইন গেমৰ নিচাৰ কাৰণে এজন যুৱকে দিনৰ পিছত দিন অনলাইন গেমত ধন খৰচ কৰি আছিল। টকাৰ পৰিমাণে হাজাৰৰ ঘৰ অতিক্ৰম কৰি লাখৰ ঘৰত প্ৰৱেশ কৰিলে। জয়ী হোৱাৰ আশাত ধাৰ লৈ লৈ ডুবিবলৈ ধৰিলে খেলৰ নিচাত। কিন্তু ঋণ কেনেকৈ পৰিশোধ কৰিব? শেষত গেমৰ নিচাই এনে ৰূপ ধাৰণ কৰিলে যে নিজৰ মাতৃক হত্যা কৰিবলৈও কুন্ঠাবোধ নকৰিলে এইজনে যুৱকে।

অভিযুক্ত যুৱকজনৰ নাম হিমাংশু। আৰক্ষীয়ে জনোৱা মতে, হিমাংশুৱে জুপি নামৰ জনপ্ৰিয় প্লেটফৰ্মত অনলাইন গেম খেলিছিল। গেমত প্ৰায় হাৰিছিল যদিও কেতিয়াও খেলা বন্ধ কৰা নাছিল। গেমত লগাবৰ বাবে বিভিন্ন ব্যক্তিৰ পৰা টকা ধাৰে লৈছিল যুৱকজনে। কিছুসময়ৰ পাছত তেওঁ লক্ষ্য কৰিলে যে তেওঁৰ প্ৰায় ৪ লাখ টকাৰ ঋণ আছে। 

আৰক্ষীয়ে জনোৱা মতে, হিমাংশুৱে প্ৰথমে আত্মীয়ৰ গহনা চুৰি কৰে। তাৰপিছত সেই গহণাৰ টকাৰে ৫০ লাখ টকাৰ বিনিময়ত দেউতাক আৰু মাকৰ বীমা কৰে। তাৰ পিছত দেউতাক ঘৰত নথকা দিনা মাতৃক ডিঙি চেপি হত্যা কৰে হিমাংশুৱে। তাৰ পাছতে মাতৃৰ মৃতদেহটো ট্ৰেক্টৰত ভৰাই পেলাই দিয়ে যমুনা নদীত ।

হিমাংশুৰ পিতৃ ৰোশন সিং ঘৰলৈ উভতি আহি পত্নী আৰু পুত্ৰক বিচাৰি নাপাই ওচৰ-চুবুৰীয়া ঘৰত খবৰ কৰি জানিব পাৰে যে এখন হিমাংশুৱে এখন ট্ৰেক্টৰ নদীৰ ফালে ঠেলি দিয়া দেখা পোৱা গৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে যমুনা নদীৰ পৰা হিমাংশুৰ মাতৃৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হিমাংশুক। ক্ৰছ এক্সামত হিমাংশুৱে কয় যে তেওঁৰ পৰিকল্পনা আছিল মাতৃক হত্যা কৰি মাতৃৰ জীৱন বীমাৰ ধনেৰে ঋণ পৰিশোধ কৰা। এই ঘটনাক লৈ আৰক্ষীয়ে উদ্বেগ প্ৰকাশ কৰে। 

Related News