NORTHEAST NOW (Assamese)

হোজাইৰ নাবালক হত্যাকাৰীক আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড

May 31, 2019 10:05 am · নিখিল মুন্দ্ৰা
অভিযুক্ত দেৱীলাল চৌহান। ফটো : নৰ্থইষ্ট নাও

যোৱা বছৰ হোজাইত সংঘটিত এগৰাকী নাবালকৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক বৃহস্পতিবাৰে আদালতে যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰে।

হোজাইৰ শংকৰদেৱ নগৰ আদলতৰ অতিৰিক্ত জিলা তথা সত্ৰ ন্যায়াধীশ নগেন ছেনাবায়া দেউৰীয়ে বৃহস্পতিবাৰে চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰটোৰ ৰায় দান কৰে। উক্ত ঘটনাত যোৱা বছৰৰ ৩০ এপ্ৰিলত খুড়াকে তেওঁৰ নিজৰ পাঁচ বছৰীয়া ভতিজাকক হত্যা কৰিছিল।

আদালতে অভিযুক্ত দেৱীলাল চৌহানক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ১৫,০০০ টকাৰ জৰিমনাও বিহে।

উল্লেখযোগ্য যে যোৱা বৰ্ষৰ ৩০ এপ্ৰিলত হোজাইৰ দৰিয়া বস্তিৰ দেৱীলাল চৌহানে তেওঁৰ নিজৰ পাঁচ বছৰীয়া ভতিজাক সেৱক লাল চৌহান ওৰফে চন্দন লাল চৌহানক এক চোকা অস্ত্ৰৰে হত্যা কৰিছিল।

এই হত্যাকাণ্ড সংঘটিত কৰিয়েই দেৱীলাল থমকি ৰোৱা নাছিল। তেওঁ সেৱক লাল চৌহানক বচাবলৈ চেষ্টা কৰা তেওঁৰ পত্নী আৰু ভতিজীকো হত্যা কৰাৰ চেষ্টা কৰিছিল। কিন্তু তেওঁলোকে কোনোমতে নিজক বচাবলৈ সক্ষম হৈছিল আৰু দেৱীলাল ঘটনাস্থলীৰ পৰা পলাই গৈছিল।

দুই ভাতৃ দেৱীলাল চৌহান আৰু ভাৰত চৌহানৰ মাজত সম্পত্তিক লৈ চলি থকা দীৰ্ঘদিনীয়া বিবাদৰ পৰিণতিতে এই ভয়াবহ ঘটনাটো সংঘটিত হৈছিল।

Related News