সমগ্ৰ পৃথিৱীত বিনামূলীয়া হ’ব ইণ্টাৰনেট সেৱা!, ডাটাৰ বাবে খৰছ কৰিব নালাগিব ধন

maxresdefault-20

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

আমি এলোন মাস্ক আৰু তেওঁৰ পৃথিৱীৰ কৰ্মপদ্ধতিক সলনি কৰি দিব পৰা চিন্তাধাৰাৰ সময়ে সময়ে সাক্ষী হৈ আহিছো। এলোন মাস্ক এগৰাকী স্বাৱলম্বী ব্যক্তি যিয়ে বহু প্ৰয়োজনীয় প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে। তেওঁৰ বিখ্যাত কোম্পানী যেনে পায়পাল, টেছলা, স্পেচ এক্স আদি যিয়ে মানুহক সদায় আকৰ্ষণ কৰিবলৈ সক্ষম হৈ আহিছে।

কিছুদিন পূৰ্বে আলোন মাস্কে এটা আচৰিত ঘোষণা কৰিলে যাৰদ্বাৰ সমগ্ৰ বিশ্বৰ মনোযোগ তেওঁ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ঘোষণাটো হ’ল তেওঁ সমগ্ৰ বিশ্বতে বিনামূলীয়াকৈ ৱাই-ফাই যোগান ধৰিব।

তলত কিছু বিস্তৃত ধৰণত মাস্কৰ বিনামূলীয়া ৱাই-ফাইৰ ধাৰণাৰ বিষয়ে উল্লেখ কৰা হ’ল-

২০১৬ চনৰ পৰা বিনামূলীয়া ৱাই-ফাই সেৱা প্ৰৱৰ্তন কৰাৰ ধাৰণাটোৱে জন্ম লাভ কৰি গতি কৰি আছে।যদিও ২০১৬ চনতে বিনামূলীয়া ৱাই-ফাইৰ ধাৰণা ২০১৬ চনতে জন্ম লাভ কৰিছিল ইয়াৰ প্ৰয়োগৰ বাবে বহু সময়ৰ প্ৰয়োজন হ’ব।

উল্লেখযোগ্য যে, এই সেৱাৰ বাবে ইতিমধ্যে দুটাকৈ উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰা হৈছে। দুয়োটা উপগ্ৰহ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে টেলিকমিউনিকেশ্যন ক্ষেত্ৰখনত সাফল্য লাভৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

আনহাতে, মাস্কে পৃথিৱীৰ কক্ষপথলৈ ৪০০০ টা উপগ্ৰহ উক্ষেপনৰ বিষয়ে চিন্তা চৰ্চা কৰিছে যাৰ দ্বাৰা তেওঁ সমগ্ৰ বিশ্বত বিনামূলীয়া ইণ্টাৰনেট যোগানৰ স্বপ্নক বাস্তৱত ৰূপ দিব পাৰিব। এই সমগ্ৰ পৰিক্ৰমাত ব্যয় হ’ব প্ৰায় ১০ বিলিয়ন আমেৰিকান ডলাৰ।

গুগলেও এই ক্ষেত্ৰত মাস্কক সহায়ৰ হাত আগবঢ়াব ইতিমধ্যে তেওঁলোকে স্পেচ এক্স প্ৰকল্পৰ কামত যুতীয়াভাবে সংযুক্ত হৈ আছে। ইতিমধ্যে মহাকাশলৈ উপগ্ৰহ পঠোৱাৰ সমগ্ৰ প্ৰকল্প বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হৈছে ইয়াৰ পৰা সেউজ সংকেত লাভ কৰিলেই এইক্ষেত্ৰত আগবাঢ়িব পৰা যাব।

মহাকাশলৈ ইমান সংখ্যক উপগ্ৰহ প্ৰেৰণ কৰাকলৈ তেওঁক বহুতে সমালোচনাও কৰিছে যদিও মাস্ক নিজৰ সিদ্ধান্ত সদায় দৃঢ় প্ৰতিজ্ঞ এই কথা তেওঁ বহুকেইটা সাক্ষাৎকাৰত ঘোষণা কৰিছে। সকলোৱে বৰ্তমান বিনামূলীয়া ৱাই-ফাই সেৱা মুকলি হ’ব বুলি আশাৰে বাট চাই ৰৈছে।