• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অতি দৰ্পে হত লঙ্কা : অপপ্ৰচাৰৰ দায়ত নিষিদ্ধ হ’ল ইলন মাস্কৰ ‘এক্স’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 8:15 pm
568
VIEWS
Share on FacebookShare on Twitter

বিপদত পৰিছে ইলন মাস্ক। ব্ৰাজিলত নিষিদ্ধ কৰা হৈছে ইলন মাস্কৰ ষ্টাৰলিংক। আনকি ফ্ৰীজ কৰা হৈছে ব্ৰাজিলত থকা মাস্কৰ সকলো সম্পত্তি।

বৃহস্পতিবাৰে ব্ৰাজিলৰ ন্যায়াধীশ আলেকজেণ্ডাৰ ডি ম’ৰেছে ইলন মাস্কৰ চেটেলাইট ইণ্টাৰনেট অপাৰেটৰ ষ্টাৰলিংকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। ফলত ব্ৰাজিলত ষ্টাৰলিংকে কোনো ধৰণৰ বিত্তীয় লেনদেন কৰিব নোৱাৰিব।

মানহানিৰ গোচৰত আদালতৰ আদেশ অৱমাননা কৰাৰ বাবে ব্ৰাজিলত জনপ্ৰিয় মাইক্ৰ’ব্লগিং চাইট ‘এক্স’ও নিষিদ্ধ কৰা হৈছে। আদালতৰ সকলো নিৰ্দেশ মানি চলি জৰিমনা আদায় নিদিয়ালৈকে ব্ৰাজিলত নিষিদ্ধ হৈ থাকিব জনপ্ৰিয় ছচিয়েল মিডিয়া ‘এক্স’।

মূলতঃ ব্ৰাজিলৰ আদালতে এক্সক চেঞ্চৰশ্বিপ বিষয়টোৰ ওপৰত আইনী প্ৰতিনিধি পঠিয়াবলৈ ২৪ ঘণ্টাৰ সময় দিছিল কোম্পানীটোক। কিন্তু ইলন মাস্কৰ কোম্পানীয়ে সময়সীমাৰ পিছতো প্ৰতিনিধি প্ৰেৰণ কৰা নাছিল। ইয়াৰ বাবেই ‘এক্স’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উল্লেখ্য যে যোৱা এপ্ৰিল মাহত দেশত বহুতো ভুৱা তথ্য বিয়পোৱাৰ অভিযোগত ‘এক্স’ৰ কেইবাটাও একাউণ্ট বন্ধ কৰি দিয়া হৈছিল। তেতিয়াৰ পৰাই বিতৰ্কত সোমাই পৰিছিল ইলন মাস্ক।

এতিয়া আদালতৰ এই সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইলন মাস্কে কয় যে, “স্বাধীনতাই গণতন্ত্ৰৰ ভেটি। ব্ৰাজিলৰ এজন নিৰ্বাচিত নোহোৱা, ছদ্মৱেশ লোৱা ন্যায়াধীশে ৰাজনৈতিক উদ্দেশ্যত ইয়াক ধ্বংস কৰি আছে।”

ব্ৰাজিলৰ টেলিকমিউনিকেচন কোম্পানীটোৰ মুৰব্বীক এক্স প্লেটফৰ্ম স্থগিত ৰখাৰ দায়িত্ব দিয়া হৈছে। তেওঁ কয় যে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া চলি আছে। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত দেশত ‘এক্স’ ব্যৱহাৰ বন্ধ হোৱাৰ সম্ভাৱনা আছে।

ন্যায়াধীশ ম’ৰেছে এপল আৰু গুগলক তেওঁলোকৰ এপ ষ্ট’ৰৰ পৰা এক্স আঁতৰাই আই অ’ এছ আৰু এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত ইয়াৰ ব্যৱহাৰ বন্ধ কৰিবলৈ পাঁচ দিনৰ সময় দিয়ে। তেওঁ লগতে কয় যে প্লেটফৰ্মটোত প্ৰৱেশ কৰিবলৈ ভিপিএন (ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক)ৰ দৰে পদ্ধতি ব্যৱহাৰ কৰা ব্যক্তি বা সংস্থাক ৫০ হাজাৰ ইউৰো পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

ব্ৰাজিলৰ আইন অনুসৰি সকলো ইণ্টাৰনেট কোম্পানীৰে নিজৰ দেশত এজন প্ৰতিনিধি থাকিব লাগিব, যিয়ে আইনী বিষয়সমূহ চম্ভালিব। প্ৰতিনিধিজনক আইনী বিষয়সমূহৰ বিষয়ে অৱগত কৰা হ’ব যাতে তেওঁ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

কিন্তু এই মাহত এক্সে ব্ৰাজিলত থকা নিজৰ আইনী প্ৰতিনিধিক অপসাৰণ কৰে। আদালতে এক্সক ২৪ ঘণ্টাৰ ভিতৰত পুনৰ আইনী প্ৰতিনিধি নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল যদিও কোম্পানীয়ে এই কথা মানি নল’লে।

এই সম্পৰ্কে এক্সে কয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ম’ৰেছে প্ৰতিনিধিজনক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছিল।

ইফালে, বৃহস্পতিবাৰে ব্ৰাজিলৰ ন্যায়াধীশ ম’ৰেছে মাস্কৰ চেটেলাইট ইণ্টাৰনেট অপাৰেটৰ ষ্টাৰলিংকৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰে। ফলত ব্ৰাজিলত ষ্টাৰলিংকে কোনো ধৰণৰ বিত্তীয় লেনদেন কৰিব নোৱাৰিব। আনকি কোম্পানীটোৰ সকলো সম্পত্তি ফ্ৰীজ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে ষ্টাৰলিংকে কয় যে তেওঁলোকেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব। মাস্কে কয়, “এক্স আৰু স্পেচএক্স দুটা বেলেগ বেলেগ কোম্পানী। ইহঁতৰ শ্বেয়াৰহোল্ডাৰো বেলেগ বেলেগ।”

ইয়াৰ পূৰ্বে মাস্কে ইউৰোপীয় সংঘৰ সৈতে এক্সৰ নিয়ন্ত্ৰণক লৈ বিবাদত লিপ্ত হৈছিল। যোৱা মাহত তেওঁ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰৰ সৈতেও কাজিয়াত লিপ্ত হৈছিল ইলন মাস্ক।

Recent News

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd