• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

অতি দৰ্পে হত লঙ্কা : অপপ্ৰচাৰৰ দায়ত নিষিদ্ধ হ’ল ইলন মাস্কৰ ‘এক্স’

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 31, 2024 8:15 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপদত পৰিছে ইলন মাস্ক। ব্ৰাজিলত নিষিদ্ধ কৰা হৈছে ইলন মাস্কৰ ষ্টাৰলিংক। আনকি ফ্ৰীজ কৰা হৈছে ব্ৰাজিলত থকা মাস্কৰ সকলো সম্পত্তি।

বৃহস্পতিবাৰে ব্ৰাজিলৰ ন্যায়াধীশ আলেকজেণ্ডাৰ ডি ম’ৰেছে ইলন মাস্কৰ চেটেলাইট ইণ্টাৰনেট অপাৰেটৰ ষ্টাৰলিংকৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। ফলত ব্ৰাজিলত ষ্টাৰলিংকে কোনো ধৰণৰ বিত্তীয় লেনদেন কৰিব নোৱাৰিব।

Apply Now

মানহানিৰ গোচৰত আদালতৰ আদেশ অৱমাননা কৰাৰ বাবে ব্ৰাজিলত জনপ্ৰিয় মাইক্ৰ’ব্লগিং চাইট ‘এক্স’ও নিষিদ্ধ কৰা হৈছে। আদালতৰ সকলো নিৰ্দেশ মানি চলি জৰিমনা আদায় নিদিয়ালৈকে ব্ৰাজিলত নিষিদ্ধ হৈ থাকিব জনপ্ৰিয় ছচিয়েল মিডিয়া ‘এক্স’।

মূলতঃ ব্ৰাজিলৰ আদালতে এক্সক চেঞ্চৰশ্বিপ বিষয়টোৰ ওপৰত আইনী প্ৰতিনিধি পঠিয়াবলৈ ২৪ ঘণ্টাৰ সময় দিছিল কোম্পানীটোক। কিন্তু ইলন মাস্কৰ কোম্পানীয়ে সময়সীমাৰ পিছতো প্ৰতিনিধি প্ৰেৰণ কৰা নাছিল। ইয়াৰ বাবেই ‘এক্স’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উল্লেখ্য যে যোৱা এপ্ৰিল মাহত দেশত বহুতো ভুৱা তথ্য বিয়পোৱাৰ অভিযোগত ‘এক্স’ৰ কেইবাটাও একাউণ্ট বন্ধ কৰি দিয়া হৈছিল। তেতিয়াৰ পৰাই বিতৰ্কত সোমাই পৰিছিল ইলন মাস্ক।

এতিয়া আদালতৰ এই সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইলন মাস্কে কয় যে, “স্বাধীনতাই গণতন্ত্ৰৰ ভেটি। ব্ৰাজিলৰ এজন নিৰ্বাচিত নোহোৱা, ছদ্মৱেশ লোৱা ন্যায়াধীশে ৰাজনৈতিক উদ্দেশ্যত ইয়াক ধ্বংস কৰি আছে।”

ব্ৰাজিলৰ টেলিকমিউনিকেচন কোম্পানীটোৰ মুৰব্বীক এক্স প্লেটফৰ্ম স্থগিত ৰখাৰ দায়িত্ব দিয়া হৈছে। তেওঁ কয় যে এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ প্ৰক্ৰিয়া চলি আছে। আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত দেশত ‘এক্স’ ব্যৱহাৰ বন্ধ হোৱাৰ সম্ভাৱনা আছে।

ন্যায়াধীশ ম’ৰেছে এপল আৰু গুগলক তেওঁলোকৰ এপ ষ্ট’ৰৰ পৰা এক্স আঁতৰাই আই অ’ এছ আৰু এণ্ড্ৰইড অপাৰেটিং চিষ্টেমত ইয়াৰ ব্যৱহাৰ বন্ধ কৰিবলৈ পাঁচ দিনৰ সময় দিয়ে। তেওঁ লগতে কয় যে প্লেটফৰ্মটোত প্ৰৱেশ কৰিবলৈ ভিপিএন (ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক)ৰ দৰে পদ্ধতি ব্যৱহাৰ কৰা ব্যক্তি বা সংস্থাক ৫০ হাজাৰ ইউৰো পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

ব্ৰাজিলৰ আইন অনুসৰি সকলো ইণ্টাৰনেট কোম্পানীৰে নিজৰ দেশত এজন প্ৰতিনিধি থাকিব লাগিব, যিয়ে আইনী বিষয়সমূহ চম্ভালিব। প্ৰতিনিধিজনক আইনী বিষয়সমূহৰ বিষয়ে অৱগত কৰা হ’ব যাতে তেওঁ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

কিন্তু এই মাহত এক্সে ব্ৰাজিলত থকা নিজৰ আইনী প্ৰতিনিধিক অপসাৰণ কৰে। আদালতে এক্সক ২৪ ঘণ্টাৰ ভিতৰত পুনৰ আইনী প্ৰতিনিধি নিযুক্তি দিবলৈ নিৰ্দেশ দিছিল যদিও কোম্পানীয়ে এই কথা মানি নল’লে।

এই সম্পৰ্কে এক্সে কয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ম’ৰেছে প্ৰতিনিধিজনক গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিছিল।

ইফালে, বৃহস্পতিবাৰে ব্ৰাজিলৰ ন্যায়াধীশ ম’ৰেছে মাস্কৰ চেটেলাইট ইণ্টাৰনেট অপাৰেটৰ ষ্টাৰলিংকৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰে। ফলত ব্ৰাজিলত ষ্টাৰলিংকে কোনো ধৰণৰ বিত্তীয় লেনদেন কৰিব নোৱাৰিব। আনকি কোম্পানীটোৰ সকলো সম্পত্তি ফ্ৰীজ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।

অৱশ্যে ষ্টাৰলিংকে কয় যে তেওঁলোকেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব। মাস্কে কয়, “এক্স আৰু স্পেচএক্স দুটা বেলেগ বেলেগ কোম্পানী। ইহঁতৰ শ্বেয়াৰহোল্ডাৰো বেলেগ বেলেগ।”

ইয়াৰ পূৰ্বে মাস্কে ইউৰোপীয় সংঘৰ সৈতে এক্সৰ নিয়ন্ত্ৰণক লৈ বিবাদত লিপ্ত হৈছিল। যোৱা মাহত তেওঁ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰৰ সৈতেও কাজিয়াত লিপ্ত হৈছিল ইলন মাস্ক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd