NORTHEAST NOW (Assamese)

সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিও ! দৃষ্টি আকৰ্ষণ কৰিছে সকলো শ্ৰেণীৰ লোকৰ

September 23, 2021 4:29 pm · এন ই নাও নিউজ

সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাৰ্তাৰে শেহতীয়াকৈ সামাজিক মাধ্যমত বিয়পি পৰিছে এটা ভাইৰেল ভিডিঅ’।

ভিডিঅ’টোত দেখা গৈছে যে এজন মুছলিম ব্যক্তিয়ে ‘মহাভাৰত’ ধাৰাবাহিকখনৰ শীৰ্ষ সংগীত তথা সংস্কৃত শ্লোকটো সুৰীয়াকৈ পৰিৱেশন কৰিছে।

দেশৰ বহুকেইজন শীৰ্ষ ধৰ্মনিৰপেক্ষ ৰাজনীতিবিদেও ভিডিঅ’টো শ্বেয়াৰ কৰা দেখা গৈছে।

মুছলিম ব্যক্তিজনে পৰিৱেশন কৰা ‘মহাভাৰত কথা’ শীৰ্ষক গীতটি আছিল বিআৰ চোপ্ৰাৰ মহাভাৰত ধাৰাবাহিকৰ। নবৈৰ দশকত দূৰদৰ্শনযোগে সম্প্ৰচাৰিত হোৱা এই দেওবৰীয়া ধাৰাবাহিকখন আছিল দেশবাসীৰ অন্যতম অৱসৰ বিনোদনৰ উৎস।

মহেন্দ্ৰ কাপুৰৰ কণ্ঠত সংস্কৃত শ্লোকটো অত্যন্ত জনপ্ৰিয় হৈছিল আৰু এতিয়াও ইয়াক লৈ অসংখ্য দৰ্শক নষ্টালজিক হৈ পৰে।

দেশৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত ডাঃ এছ ওৱাই কুৰেচিয়েও সামাজিক মাধ্যমত ভিডিঅ’টো প’ষ্ট কৰিছে।

শ্লোকটো আওঁৰোৱা বৃদ্ধগৰাকীৰ নাম জনা নগ’লেও দেখা পোৱা গৈছে যে অতি সাৱলীলভাৱে তেওঁ কণ্ঠ নিগৰাইছে।

এজন মুছলমান ব্যক্তি হৈও  এটা সংস্কৃত শ্লোক গোৱাটোৱে দেশবাসীৰ ধৰ্মনিৰপেক্ষ আৰু উদাৰবাদী মনোভাৱকে প্ৰকট কৰে।

Related News