NORTHEAST NOW (Assamese)

মুছলমানৰ জনসংখ্যাতকৈ অধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে চৰকাৰে; যোগী আদিত্যনাথৰ বিতৰ্কিত মন্তব্য

March 4, 2021 11:40 am · এন ই নাও নিউজ
Updated: March 4, 2021 11:44 am

বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰ বাবে প্ৰায়ে চৰ্চাত থাকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

এইবাৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্তব্য কৰিছে মুছলমানৰ জনসংখ্যাতকৈ তেওঁৰ চৰকাৰে অধিক আঁচনি ৰূপায়ণ কৰিছে।

বুধবাৰে ৰাজ্যৰ বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰী যোগীয়ে কয় তেওঁ চৰকাৰে মুছলমাৰ জনসংখ্যাতকৈ বহু অধিক জনকল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে।

কোনো বৈষম্য নৰখাকৈ তেওঁৰ চৰকাৰে ৰাজ্যখনৰ জনগণক চৰকাৰী সুযোগ-সুবিধা প্ৰদান কৰি অহা বুলিও দাবী কৰিছে।

ৰাজ্যৰ বাজেট বিতৰ্কৰ সময়ত হস্তক্ষেপ কৰি কয় যে পূৰ্ব চৰকাৰে কল্যাণমূলক আঁচনিৰ হিতাধিকাৰী বাচনি কৰিবলৈ ‘পিক এণ্ড চ’ছ’ আঁচনিৰ ব্যৱহাৰ কৰিছিল, আনহাতে এই ক্ষেত্ৰত তেওঁৰ চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ সবকা বিকাশ’ মন্ত্ৰৰ প্ৰতিহে প্ৰতিশ্ৰুতিৱদ্ধ।

যোগীয়ে সদনত আৰু কয় ৰাজ্যখনত ১৭.১৯ শতাংশ মুছলমান লোক আছে কিন্তু তেওঁৰ চৰকাৰে ৩০-৩৫ শতাংশ কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিছে।

লগতে আৰু কয় যে তেওঁৰ চৰকাৰে এই আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্ৰত জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে কোনো বৈমষ্যমূলক আচৰণ কৰা নাই। তেওঁৰ নীতি ‘মোদী  মডেল’ বুলিও অভিহিত কৰিছে যোগীয়ে।

Related News