মানুহৰ মুখৰ আকৃতিৰ এটা হাঙৰক লৈ চাঞ্চল্য! ক’ত?

মানুহৰ মুখৰ আকৃতিৰ এটা হাঙৰ আৰু ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাটো ইণ্ডোনেছিয়াৰ। সাগৰীয় দেশখনৰ এজন মাছমৰীয়াৰ জালত আৱদ্ধ হোৱা হাঙৰটোৰ মুখখন মানুহৰ আকৃতিৰ!

৪৮ বছৰীয়া মাছমৰীয়া আব্দুল্লাহ নুৰেনে সাংবাদিকৰ আগত কৈছে যে হাঙৰটো তেওঁ ইষ্ট নুছা তেংগাৰা প্ৰভিন্সৰ ৰটে নডাও নামৰ অঞ্চলটোত পাইছে।

তাৰপাছতে ইণ্টাৰনেটত হাঙৰটোৰ ছৱি ভাইৰেল হৈ পৰিছে।

খবৰ অনুযায়ী, মাছমৰীয়াজনৰ জালত এটা প্ৰাপ্তবয়স্ক মাইকী হাঙৰ উঠে আৰু যেতিয়া হাঙৰটোৰ পেট ফলা হয়, তেতিয়া হাঙৰজনীৰ গৰ্ভত তেওঁলোকে তিনিটা গৰ্ভজাত পোৱালী লাভ কৰে। তাৰে এটাৰ মুখখন প্ৰয়োজনতকৈ ডাঙৰ দুটা চকুৰে দেখিবলৈ মানুহৰ নিচিনা।

তাৰপাছতে তেওঁ আচৰিত জীৱটোক ঘৰলৈ আনে আৰু তেওঁৰ পত্নীয়ে তাক সংৰক্ষণ কৰি ৰাখিব বুলি কয়। চুবুৰীয়া লোকসকলে হাঙৰ পোৱালীটোক ক্ৰয় কৰিব বিচাৰিলেও তেওঁ বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰে।

‘‘হাঙৰটোক চাবৰ বাবে মোৰ ঘৰখন মানুহেৰে ভৰি পৰিছে। বহু লোকে ইয়াক ক্ৰয় কৰিব বিচাৰিছে, কিন্তু মই ইয়াক পোহপাল কৰিম। মই ভাবো, ই মোৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব।’’ মাছমৰীয়াজনে কয়।

বিজ্ঞানীসকলে এই সংক্ৰান্তত কৈছে যে হাঙৰটোৰ মুখখন হয়তো জন্মগত ত্ৰুটিৰ বাবে মানুহৰ আকাৰ লাভ কৰিছে।