বিজেপি-সিন্দে গোটক প্ৰত্যাহ্বানৰ যো-জা: মহাৰাষ্ট্ৰত যৌথ সমাৱেশ অনুষ্ঠিত কৰিব মহা বিকাশ আঘাৰীয়ে

Maha Vikas Aghadi

শিৱসেনাৰ সিন্দে গোটৰ বিসম্বাদ আৰু বিজেপিৰ কূটনৈতিক ৰাজনীতিৰ পৰিণতিত ক্ষমতা হেৰুওৱা মহাৰাষ্ট্ৰৰ পূৰ্বৰ শাসকীয় মিত্ৰজোঁট মহা বিকাশ আঘাৰীয়ে বিজেপি আৰু শিৱসেনাৰ সিন্দে গোটক প্ৰত্যাহ্বান জনোৱাৰ প্ৰস্তুতি চলাইছে।

এই লক্ষ্যৰে মিত্ৰজোঁটৰ সদস্য দল ক্ৰমে শিৱসেনা (উদ্ধৱ থাকৰে গোট), নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এনচিপি) আৰু কংগ্ৰেছ-এ যৌথ সমাৱেশ অনুষ্ঠিত কৰিব। আজি অনুষ্ঠিত এখন যৌথ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকত শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে, বিধানসভাত বিৰোধী দলৰ নেতা অজিত পাৱাৰ, বিধান পৰিষদৰ বিৰোধী দলপতি আম্বদাস দনভে, শিৱসেনাৰ নেতা আদিত্য থাকৰে, কংগ্ৰেছ নেতা সুনীল কেদাৰ আৰু সতেজ পাটিল, আৰু এন চি পিৰ নেতা ছগন ভুজবল, ধনঞ্জয় মুণ্ডেকে ধৰি কেইবাগৰাকীও বিধায়কে অংশ লয়।

এই যৌথ বৈঠকত ৰাজ্যজুৰি এপ্ৰিল আৰু মে’ মাহত যৌথ সমাৱেশ অনুষ্ঠিত কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হয়। এই পৰিকল্পনাত মাৰাথৱাদা, বিদৰ্ভ, উত্তৰ মহাৰাষ্ট্ৰ, কোকন আৰু পশ্চিম মহাৰাষ্ট্ৰক সামৰি লোৱা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

স্থানীয় বিধায়ক আৰু দলীয় কৰ্মীৰ সহযোগত অজিত পাৱাৰৰ সৈতে উদ্ধৱ থাকৰেই এই সমাৱেশৰ নেতৃত্ব বহন কৰিব।

ইয়াৰ উপৰিও অহা ১৫ মাৰ্চত মুম্বাইৰ ৱাই বি চাভান কেন্দ্ৰত মিত্ৰজোঁটৰ অন্তৰ্গত দল তিনিটাৰ জিলা সভাপতিৰ বৈঠক অনুষ্ঠিত হব। এই বৈঠকত তিনিওটা দল ক্ৰমে কংগ্ৰেছ, এন চি পি আৰু শিৱসেনাই যৌথ সমাৱেশ সন্দৰ্ভত আলোচনা কৰিব।

উল্লেখ্য যে, মহা বিকাশ আঘাৰীৰ অন্তিমখন বৈঠকত উদ্ধৱ থাকৰেই শাসকীয় বিজেপি-শিৱসেনা মিত্ৰশক্তিৰ প্ৰত্যাহ্বানৰ বাবে তিনিওটা দলৰ যৌথ সভা অনুষ্ঠিত কৰিবলৈ নেতাসকলক আহ্বান জনাইছিল।

তদুপৰি নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰেও আঞ্চলিক আৰু ৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ সকলোকে আহ্বান জনাইছিল।

ইফালে আজিৰ বৈঠকত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি নানা পাটোলৰ অনুপস্থিতিক লৈও আন এক প্ৰশ্নৰ অৱতাৰণা হৈছে। পাটোলৰ অনুপস্থিতিয়ে মহা বিকাশ আঘাৰী মিত্ৰজোঁটত আভ্যন্তৰীণ কন্দলৰ ইংগিত বহন কৰিছে বুলি জল্পনা-কল্পনা চলিছে।