মুছলিম বিশ্বক হাত কৰাৰ চেষ্টা: ইজৰাইলক ৰাষ্ট্ৰ হিচাবে স্বীকৃতি নিদিয়ে পাক প্ৰধানমন্ত্ৰী ইমৰাণ খানে

khan-1-845x486

বিশ্বৰ প্ৰায়ভাগ মুছলমান দেশেই এতিয়া পাকিস্তানৰ বিপৰীত মেৰুত অৱস্থান কৰিছে।

বিশেষকৈ কাশ্মীৰ প্ৰসংগত মুছলমান দেশ সমূহৰ সৰ্ববৃহৎ সংস্থা অৰ্গেনাইজেছন অৱ ইছলামিক কাউন্ট্ৰীছে পাকিস্তানৰ সলনি ভাৰতক সমৰ্থন জনাইছে আৰু কাশ্মীৰ বিষয়ত পাকিস্তানে অনুষ্ঠিত কৰিব বিচৰা বৈঠক বৰ্জন কৰিছে।

এনে পৰিস্থিতিত মুছলিম বিশ্বত একপ্ৰকাৰৰ একঘৰীয়া হৈ পৰিছে পাকিস্তান।

সেয়ে মুছলমান বিশ্বক হাত কৰাৰ বাবে এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ইজৰাইল প্ৰসংগত এই বুলি কৈছে যে পাকিস্তানে কেতিয়াও ইজৰাইলক ৰাষ্ট্ৰ হিচাবে স্বীকৃতি নিদিয়ে।

ইহুদিৰ বসতিপ্ৰধান ইজৰাইলক ৰাষ্ট্ৰ হিচাবে স্বীকৃতি নিদিয়ে বুলি মন্তব্য কৰি ইমৰাণ খানে কয় যে ১৯৪৮ চনতে মহম্মদ আলী জিন্নাই ইজৰাইলৰ অস্তিত্ব মানি লোৱা নাছিল।

ইমৰাণ খানে লগতে কয় যে পেলেষ্টাইনত বাস কৰা পেলেষ্টাইনী সকলৰ অধিকাৰ সুৰক্ষিত হবই লাগিব।

পেলেষ্টাইনৰ মুছলমান লোক সকলে নানান অত্যাচাৰৰ বলি হোৱা বুলিও তেওঁ কয়।

আমেৰিকাৰ নাম উল্লেখ নকৰাকৈ ইমৰাণ খানে কয় যে কোনো ৰাষ্ট্ৰই ইজৰালিক ৰাষ্ট্ৰৰ স্বীকৃতি দিলেও পাকিস্তানে সেয়া মানি নলয়।

এনেদৰে পেলেষ্টাইনীৰ পক্ষত থিয় দি এমৰাণ খানে মুছলমান বিশ্বৰ মন জয় কৰিব বিচৰা বুলি এতিয়া বহুতেই আলোচনা কৰিবলৈ লৈছে।