NORTHEAST NOW (Assamese)

নিজে গৰুৰ দানা খাই দেউতাই মোলৈ খোৱাবস্তু থৈছিল: সজল চকুৰে অতীত স্মৰণ হিমাৰ সতীৰ্থৰ

April 28, 2019 7:40 pm · এন ই নাও নিউজ
Updated: April 28, 2019 8:15 pm
স্বৰ্ণজয়ৰ মুহূৰ্তত মাৰিমুথু। ছবি সৌজন্য-- I Diva।

এ’ছিয়ান এথলেতিকছ চ্চেম্পিয়নশ্বিপত স্বৰ্ণজয়েৰে উভটি চ্চেন্নাইত অনুৰাগীৰ মাজত দুধাৰি চকুৰ পানীৰে প্ৰয়াত দেউতাকৰ স্মৃতি সোঁৱৰে অসমৰ হিমা দাসৰ সতীৰ্থ গ’মাথি মাৰিমুথুৱে।

কঁকাল পৰা হিমাই ভাগ ল’ব নোৱৰা চ্চেম্পিয়নশ্বিপটোৰ ৮০০ মিটাৰ দৌৰ-জয়ী তামিল কন্যাগৰাকীয়ে অনুৰাগীৰ আগত কৈ গ’ল প্ৰয়াত দেউতাকে তেওঁৰ বাবে কৰা অপৰিসীম কষ্টৰ কথা।

“দেউতালৈ মোৰ মনত পৰে। আমাৰ খাবলৈ নাছিল। মই খাবলৈ অলপ খাদ্য বেলেগকৈ ৰাখি দেউতাই নিজে কেতিয়াবা গৰুৰ দানা খাইছিল। সেই দিন মই কেতিয়াও নাপাহৰোঁ,” ৩০ বছৰীয়া মাৰিমুথুৰ এই উদ্ধৃতি ই এচ পি এন-ৰ।

কাষত থকা হ’লে দেউতাকক আজি “ঈশ্বৰ”ৰূপে পূজিলোহেঁতেন বুলি মন্তব্য কৰি খেলুৱৈগৰাকীয়ে কৈ যায় দেউতাকে সৰুকালত লোৱা যতনৰ কথা। কৈ যায় গাড়ী-মটৰ নচলা, বিজুলী নথকা তেওঁলোকৰ গাঁৱৰ পৰা দৌৰৰ প্ৰশিক্ষণ ল’বলৈ কাহিলীপুৱাতে কৰা যাত্ৰাৰ কাহিনী।

“আমাৰ গাওঁ হৈ বাছটো নগৈছিলেই, আমাৰ ভাল ৰাস্তাও নাছিল। ৰাতিপুৱা ৪ বজাত শুই উঠিলে মই গৈ ৪:৩০ বজাৰ বাছখন পাইছিলোগৈ। দেউতাই সেয়ে সদায় মোক ঠিক ৪ বজাত জগাই দিছিল,” প্ৰশিক্ষণলৈ এবটল পানী আৰু এবটল গাখীৰ লৈ গৈছিল বুলি কৈ এইদৰে সৰুকালৰ স্মৃতি সোঁৱৰে মাৰিমুথুৱে।

খেলুৱৈগৰাকীয়ে দৌৰৰ প্ৰশিক্ষণ গ্ৰহণ কৰি থকা অৱস্থাতে ভূতৰ ওপৰত দানহৰ দৰে ভৰিৰ ৰোগত ভুগি দেউতাকে হেৰুৱায় খোজকঢ়াৰ ক্ষমতাও। ঘৰৰ মুৰব্বীজনক হেৰুৱাই দিশহাৰা হৈ পৰে তামিলনাদুৰ তিৰুচিৰপল্লিৰ দৰিদ্ৰ কৃষক পৰিয়ালটো।

দেউতাকৰ মৃত্যুৰ পিছতে মাক আক্ৰান্ত হয় বিষণ্ণতাত, আৰু ডাঙৰ ছোৱালী হিচাপে খেলুৱৈগৰাকীৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰে গোটেই পৰিয়ালটো।

“মায়ে একো কৰিব নোৱৰা হৈ পৰিল। মোক শিকাবলেও কোনো প্ৰশিক্ষক নাছিল। আৰু ময়ে আমাৰ পৰিয়ালটো চলোৱাৰ দায়িত্ব ল’ব লগীয়া হৈছিল,” নিউ ইন্দিয়ান এক্সপ্ৰে’ছক এইদৰে কয় মাৰিমুথুৱে।

আনহাতে এটা ৰাষ্ট্ৰীয় শিবিৰত থকা অৱস্থাতে হাৰ্ট এটেক হৈ মৃত্যুমুখত পৰে তেওঁৰ প্ৰশিক্ষকগৰাকীও।

এ’ছিয়ান চ্চেম্পিয়নশ্বিপটোত প্ৰথম ভাৰতীয় খেলুৱৈৰূপে স্বৰ্ণ জিনা খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনৰ আগমুহূৰ্ততো আনকি ক্ৰীড়া কৰ্তৃপক্ষৰ অৱহেলাৰ সন্মুখীন হ’ব লগা হৈছিল।

“মই তেওঁলোক (ভাৰতীয় দল)ৰ পৰা কেইবামাহো আঁতৰি প্ৰশিক্ষণ লৈছিলো, মই শিবিৰত নাছিলো…সেই সময়ত আনকি ভাৰত চৰকাৰেও মোক সহায় কৰা নাছিল,” এ’ছিয়ান প্ৰতিযোগিতাখনৰ ৮০০ মিটাৰ দৌৰত প্ৰথম ভাৰতীয়ৰূপে স্বৰ্ণ জয় কৰা খেলুৱৈগৰাকীৰ উদ্ধৃতি ই এচ পি এন-ৰ।

কাতাৰৰ দ’হাত স্বৰ্ণজয়ী দৌৰৰ শেষৰ ১৫০ মিটাৰত অতি ক্ষীপ্ৰতাৰে পিছৰ পৰা আগবাঢ়ি নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল খেলুৱৈগৰাকীয়ে।

Related News