ম্যানমাৰত ৰক্তাক্ত গণতন্ত্র! বিক্ষোভ দমনৰ নামত নৃশংসতা দেশৰ সামৰিক বাহিনীৰ

ম্যানমাৰত অব্যাহত আছে সামৰিক বাহিনীৰ ফেচিষ্ট শাসনৰ বিৰুদ্ধে নিষ্পেষিত জনতাৰ প্ৰতিবাদ। সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহিছে। আৰু দেশৰ সেনাই সেই প্ৰতিবাদবোৰ দমনৰ নামত নৃশৃংসতাৰ নজিৰ গঢ়ি তুলিছে।

একে সময়তে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে বিগত এবছৰত সামৰিক বাহিনীৰ অত্যাচৰত মৃত্যু হৈছে।
১ হাজাৰ ৫০০ জনৰো অধিক প্ৰতিবাদকাৰীৰ ।

এই প্ৰতিবেদন দাখিল কৰিছে ৰাষ্ট্রসংঘৰ মানবাধিকাৰ দপ্তৰে। ফেচিষ্ট চৰকাৰে সম্পূর্ণ বেআইনিভাবে আটক কৰিছে।
১১ হাজাৰ ৭৮৭ জন গণতন্ত্রকামীক।

তেওঁলোকৰ মাজত ৯ হাজাৰ আন্দোলনকাৰীক এতিয়াও বন্দি কৰি ৰাখিছে সেনাই। সেনাবাহিনীৰ বিৰুদ্ধে প্রতিবাদ কৰা বাবেই গণতন্ত্রকামী জনতাক বন্দী কৰি অতি নৃশৃংসভাবে হত্যা কৰা হৈছে বুলি ৰাষ্ট্রসংঘই প্ৰতিবেদনত প্ৰকাশ কৰিছে।

এই পৰিসংখ্যা কেৱলমাত্ৰ প্ৰতিবাদী মিচিলত হোৱা হোৱা মৃত্যুৰ।

ম্যানমাৰত সশস্ত্ৰ সংঘৰ্ষত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু কেইবাহাজাৰলৈ বৃদ্ধি পাব পাৰে বুলি ৰাষ্ট্রসংঘই উদ্দেগ প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক অভ্যুত্থান সংঘটিত হয়। জননেতা চ্যু কীৰ নিৰ্বাচিত চৰকাৰখন তাতমাডোৰ সেনাই উৎখাত কৰিছিল। তেতিয়াৰ পৰা, সেনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ম্যানমাৰৰ জনতাই।