ম্যানমাৰত কাচিন বিদ্ৰোহীৰ ওপৰত চলোৱা বিমান আক্ৰমণত নিহত ৫০ জন

ফটো: সংগ্ৰহীত।

Myanmar military air strikes on ethnic rebel group ম্যানমাৰত সোমবাৰে এটা জনগোষ্ঠীয় সংখ্যালঘু গোটৰ দ্বাৰা আয়োজিত এক সংগীতানুষ্ঠানৰ সময়ত শাসকীয় সামৰিক বাহিনীৰ বিমান আক্ৰমণত কমেও ৫০ জন লোক নিহত হোৱাৰ লগতে আন ১২জন লোক আহত হয়। বাতৰি অনুসৰি,  তিনিখন জেটৰ দ্বাৰা আক্ৰমণটো কৰা হৈছিল।

উত্তৰৰ কাচিন প্ৰদেশত এই আক্ৰমণটো সংঘটিত হৈছিল। সামৰিক বাহিনীয়ে এতিয়াও ইয়াক নিশ্চিত কৰা নাই। স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই আক্ৰমণত সাধাৰণ নাগৰিক, বিশিষ্ট স্থানীয় গায়ক আৰু কাচিন ইণ্ডিপেণ্ডেঞ্চ আৰ্মীৰ (KIA) বিষয়া নিহত হৈছে।

লগতে পঢ়ক: কপাল ফুলিল! ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হ’ল ভাৰতীয় মূলৰ ঋষি চুনাক

বিবিচিৰ বাতৰি অনুসৰি, এইটো হপকান্ত টাউনশ্বিপৰ এ নাং পা অঞ্চলত সংঘটিত হৈছিল আৰু কমেও ৫০ জন লোকৰ মৃত্যু হৈছে। আনহাতে, বাতৰি চাইট ইৰাৱডীয়ে মৃত্যুৰ সংখ্যা প্ৰায় ১০০ জন হ’ব বুলি কয়।

উল্লেখ্য যে যোৱা বছৰৰ আৰম্ভণিতে সেনাই এখন নিৰ্বাচিত চৰকাৰ উৎখাত কৰাৰ পিছৰে পৰা ম্যানমাৰত সংৰ্ঘষৰ সূত্ৰপাত হৈছে। সমগ্ৰ দেশতে কিছুমান সশস্ত্ৰ গোটকে ধৰি প্ৰতিৰোধ আন্দোলন, উদ্ভৱ হৈছে যাক সামৰিক বাহিনীয়ে সৰ্বশক্তিৰে  প্ৰতিহত কৰাৰ চেষ্টা চলাইছে।

কেআইএৰ মুখপাত্ৰ নৱ বুৱে কয় যে এই আক্ৰমণে কাচিন সেনাৰ ৰাজনৈতিক শাখা কাচিন স্বাধীন সংস্থা (KIO)ৰ প্ৰতিষ্ঠাৰ ৬২ তম বাৰ্ষিকী উদযাপনক লক্ষ্য কৰি লৈছিল। তেওঁ ফোনযোগে কয়, “এইটো এটা দুস্কাৰ্য যাক যুদ্ধ অপৰাধ বুলিও গণ্য কৰিব পাৰি।”

লগতে পঢ়ক: কেনিয়াত গুলীয়াই হত্যা পাকিস্তানী সাংবাদিকক: দেশজুৰি শোকৰ ছাঁ

অভ্যুত্থানৰ পিছৰে পৰা ম্যানমাৰ সেনা আৰু কাচিনৰ লোকসকলৰ বাবে অধিক স্বায়ত্তশাসন বিচাৰি ছয় দশক ধৰি যুঁজ দি অহা ক্ষুব্ধ বিদ্ৰোহী কেআইএৰ মাজত মুকলি সংঘৰ্ষ পুনৰ আৰম্ভ হৈছে। কেআইএ-য়ে জুন্টা বিৰোধী প্ৰতিৰোধ আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে।