Myanmar military rulers banned from ASEAN: শান্তি প্ৰতিষ্ঠাত ব্যৰ্থ! আছিয়ানত নিষিদ্ধ ম্যানমাৰৰ সামৰিক শাসক

ম্যানমাৰৰ সেনা জেনেৰেল। ফটো: সংগৃহিত।

Myanmar military rulers banned from ASEAN দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মিত্ৰজোঁট আছিয়ানৰ যিকোনো বৈঠকত ম্যানমাৰৰ সামৰিক শাসকসকলক নিষিদ্ধ কৰা হৈছে। ১৫ মাহ পূৰ্বে ঘোষণা কৰা শান্তি পৰিকল্পনা ৰূপায়ণত ম্যানমাৰে কোনো অগ্ৰগতি দেখুৱাব নোৱাৰালৈকে এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব।

আছিয়ানৰ অন্তৰ্গত মিত্ৰজোঁটৰ বৈদেশিক মন্ত্ৰীসকলে এক সংবাদমেলত এই কথা ঘোষণা কৰিছে।

কম্বোডিয়াৰ নমপেনত আছিয়ানৰ আঞ্চলিক পৰ্যায়ৰ এলানি বৈঠকৰ পিছত শুকুৰবাৰে এক সংবাদমেলত কম্বোডিয়াৰ বৈদেশিক মন্ত্ৰী প্ৰি-চোখোনে কয় যে ম্যানমাৰৰ জেনেৰেলসকলে বৰ্তমানৰ সংকটৰ পৰিস্থিতিৰ উন্নতি দেখুৱাব লাগিব। তাৰপিছতহে আমি ম্যানমাৰৰ সৈতে কাম কৰাৰ সিদ্ধান্ত লম।

লগতে পঢ়ক: চীনে প্ৰথমবাৰৰ বাবে কেতিয়া আক্ৰমণ কৰিছিল আমেৰিকাক? জানো আহক

বৈদেশিক মন্ত্ৰীসকলে ২০২১ চনৰ এপ্ৰিলত ম্যানমাৰৰ সেনা প্ৰধান তথা অভ্যুত্থানৰ নেতা শীৰ্ষ জেনেৰেল মিন অং হ্লাইঙৰ সৈতে সন্মত হোৱা তথাকথিত পাঁচ দফীয়া সহমতৰ চুক্তিৰ অগ্ৰগতিৰ অভাৱক গৰিহণা দিয়ে।

তেওঁলোকে স্বঘোষিত ৰাজ্য প্ৰশাসন পৰিষদক নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আঞ্চলিক সন্মিলনৰ পূৰ্বে পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে পদক্ষেপ ল’বলৈ আহ্বান জনায়।

লগতে পঢ়ক: CWG 2022: সাক্ষীৰ পিছত দ্বিতীয় ভাৰতীয় মহিলা হিচাপে মল্লযুঁজত স্বৰ্ণ জয় ভিনেশ ফোগাটৰ

বৈদেশিক মন্ত্ৰীসকলে কয় যে তেওঁলোকে “পাঁচ দফীয়া সহমতৰ সময়মতে আৰু সম্পূৰ্ণ ৰূপায়ণত নেপিডো কৰ্তৃপক্ষৰ সীমিত অগ্ৰগতি আৰু প্ৰতিশ্ৰুতিৰ অভাৱত গভীৰভাৱে হতাশ হৈছে”।