ভাৰতীয় সীমান্তৰ বিদ্ৰোহী চহৰ মিনডাট, চীনলেণ্ডত নিয়ন্ত্ৰণ সাৱ্যস্ত ম্যানমাৰ সেনাৰ

mindat-1140x570

ম্যানমাৰ সেনাৰ বিৰুদ্ধে মাত্ৰ কেইদিনমান আগেয়ে বিদ্ৰোহীয়ে হাতত অস্ত্ৰ তুলি লোৱা পশ্চিম চীন প্ৰদেশৰ এখন সৰু চহৰত প্ৰৱেশ কৰিছে ম্যানমাৰ সেনাই।

বিবিচিয়ে প্ৰকাশ কৰা বাতৰিৰ সূত্ৰ অনুসৰি চীনলেণ্ডৰ সুৰক্ষা বাহিনীয়ে মিনডাটৰ পৰা বোমাবাজিৰ প্ৰত্যুত্তৰ দিছে।

উল্লেখ্য যে চীনলেণ্ড উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মিজোৰামৰ গাতে লাগি আছে আৰু তাৰ পৰা ভগনীয়া বিদ্ৰোহী ভাৰতলৈ প্ৰব্ৰজনৰ আশংকা কৰা হৈছে।

কেইবাখনো চহৰৰ ভিতৰত মিনডাটো এখন চহৰ য’ত স্থানীয় নাগৰিকে ম্যানমাৰৰ সামৰিক বাহিনীৰ বিৰুদ্ধে অস্ত্ৰ তুলি লৈছে।

বাতৰি অনুসৰি, ফেব্ৰুৱাৰীত নিৰ্বাচিত চৰকাৰক ওফৰাই সেনা অভ্যত্থানৰ পাছত আৰম্ভ হোৱা নিৰস্ত্ৰ প্ৰতিবাদত প্ৰায় ৮০০ লোকে প্ৰাণ হেৰুৱাইছে।

সেনাই বৰ্তমান মিনডাট নিয়ন্ত্ৰণত অনা দেখা গৈছে। তিনি সপ্তাহ ধৰি তেওঁলোকে ঘৰতে বনাই লোৱা বন্দুকেৰে সেনাৰ বিৰুদ্ধে থিয় দিয়া স্থানীয় লোকৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে। বিদ্ৰোহীসকলে কেইবাজনো সেনাক হত্যা কৰিছে।

বিদ্ৰোহীসকলে তেওঁলোকৰ ছয়জন লোক নিহত হোৱা বুলি জানিবলৈ দিছে।

বাতৰিত কোৱা হৈছে যে মিনডাটৰ একাংশ লোক পলাই গৈ ওচৰ পাজৰৰ বনাঞ্চলত সোমাইছে আৰু বাকীসকল চহৰখনত আৱদ্ধ হৈ পৰিছে।

বিদ্ৰোহীসকলে জানিবলৈ দি কয় যে তেওঁলোক চহৰখনত বেছিদিন থাকিব নোৱাৰে যদিও পুনৰ উভতি আহিব। ‘আমাৰ কেবল ঘৰতে সজা বন্দুকহে আছে। এয়াই যথেষ্ট নহয়’-বিদ্ৰোহীসকলৰ এজন মুখপাত্ৰই কয়।

বিদ্ৰোহীসকলে স্থলপথেৰে অহা সেনাৰ কমেও তিনিটা কনভয় ধ্বংস কৰাৰ পাছত সেনাই হেলিকপ্টাৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে।

মিনডাটৰ স্থানীয় বাসিন্দাসকলে সামৰিক চৰকাৰৰ কৰ্তৃত্ব স্বীকাৰ কৰিবলৈ অগ্ৰাহ্য কৰিছে আৰু স্থানীয় প্ৰশাসন গঢ়ি তুলিছে।

চলিত সপ্তাহৰ আৰম্ভণিতে চৰকাৰে চহৰখনত সামৰিক আইন ঘোষণা কৰিছিল। ইয়াৰ কৰ্তৃত্ব নমনাসকলক তেওঁলোকে সন্ত্ৰাসবাদী বুলি বৰ্ণনা কৰিছিল আৰু সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণৰ বাবে জগৰীয়াসকলৰ বিচাৰ চলাবলৈ সামৰিক ন্যায়াধীকৰণ গঢ়ি তুলিব।

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনে এই হিংসাত্মক ঘটনাক নিন্দা কৰিছে। চলিত সপ্তাহত মিনডাটকে ধৰি সাধাৰণ নাগৰিকৰ ওপৰত সামিৰক বাহিনীয়ে অস্ত্ৰ ব্যৱহাৰ কৰি যুদ্ধ চলোৱাটো অযুক্তিকৰ আৰু অস্থিৰতাৰ কাৰণ হ’ব পাৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসৰ পৰা এক বিবৃতিত সদৰী কৰিছে।