ম্যানমাৰ : জুণ্টা বিৰোধী প্ৰতিবাদৰ সংবাদ পৰিৱেশন কৰা আৰু ৮ সাংবাদিকক গ্ৰেপ্তাৰ

যোৱা ১ ফেব্ৰুৱাৰিৰ সামৰিক অভ্যুত্থানৰ দিনৰ পৰা মাৰ্চলৈ গ্ৰেপ্তাৰ কৰা হৈছে ২৮ গৰাকী সাংবাদিক; কাৰাৰুদ্ধ হৈ আছে ১৪ গৰাকী

kzn

ম্যানমাৰৰ সামৰিক শাসক বিৰোধী বিক্ষোভৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত যোৱা সপ্তাহত দেশখনৰ আৰু ৮ গৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে।

কেই জন নৱেই নামৰ এগৰাকী মহিলা সাংবাদিকক জুণ্টা বিৰোধী বিক্ষোভৰ বাতৰি পৰিৱেশন কৰাৰ অভিযোগত সামৰিক শাসকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি কাৰাৰুদ্ধ সাংবাদিকগৰাকীক আইনী সাহায্যৰ বাবে অধিবক্তা গ্ৰহণ কৰিবলৈ দিয়া নাই সামৰিক শাসকে।

কেই জন নৱেইক য়াংগুনৰ সামৰিক শাসক বিৰোধী প্ৰতিবাদস্থলীৰ পৰা সংবাদ পৰিৱেশন কৰি থাকোতে গ্ৰেপ্তাৰ কৰা হৈছিল।

একেদিনাই আং য়ে কু, য়ে মিয়াও কান্টস থেইন জাউ, হেইন পায়ে জাউ আৰু বানয়াৰ অ’ নামৰ সাংবাদিককেইজনক য়াংগুনৰ পৰা গ্ৰেপ্তাৰ কৰিছে সামৰিক শাসকে।

এই আটাইকেইগৰাকী সাংবাদিককে ইনছেইন কাৰাগাৰত বন্দী কৰি ৰখা হৈছে আৰু ১২ মাৰ্চলৈকে তেওঁলোকক নিজৰ জিম্মাত লৈছে সামৰিক শাসকে।

ইফালে যোৱা ২৫ ফেব্ৰুৱাৰিত দেশখনৰ চিংগিয়াঙ অঞ্চলৰ মনয়ৱাৰ পৰা অন্য দুগৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰিছিল জুণ্টাই। অৱশ্যে দুয়োগৰাকী সাংবাদিকক পিছত জামিত মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।

সাংবাদিকসকলক কি আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে সেয়া এতিয়াও স্পষ্ট বুলি নহয় প্ৰকাশ কৰিছে নিলাৰ খিনে নামৰ এগৰাকী আইনজীৱীয়ে।

পূৰ্বৰ ৫০৫(এ) দণ্ডবিধি আইনখন সংশোধন কৰি ৫০৫এ সংযোজন কৰা হৈছে আৰু এই ধাৰা অধীনত ‘ভুৱা বাতৰি’ পৰিৱেশন কৰাৰ অভিযোগত সাংবাদিকক সৰ্বাধিক তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড বিহিব পাৰিব। এই আইনৰ অধীনতে সাংবাদিকসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি বুলি ধাৰণা কৰা হৈছে।

ম্যানমাৰ নাও নামৰ এটা সংবাদ প্ৰতিষ্ঠানৰ মতে ১ ফেব্ৰুৱাৰি সামৰিক অভ্যুত্থানৰ দিনৰ পৰা মাৰ্চলৈকে অতি কমেও ২৮ গৰাকী সাংবাদিকক সামৰিক শাসকে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে ১৪ গৰাকী সাংবাদিকক মুকলি কৰি দিয়া হৈছে যদিও বাকীসকল সাংবাদিক বৰ্তমানেও কাৰাৰুদ্ধ হৈয়ে আছে।