ৰক্তস্নাতা ম্যানমাৰ: পুনৰ সেনাৰ গুলীত মৃত্যু ৫ প্ৰতিবাদকাৰীৰ

aa menma

ম্যানমাৰত এতিয়া তেজৰ নৈ বৈছে। বলপূৰ্বক শাসনভাৰ নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ জুণ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আজি পুনৰ প্ৰাণ হেৰুৱালে ৫ প্ৰতিবাদকাৰীয়ে।

এতিয়ালৈকে সেনাৰ গুলীত নিহত হৈছে ৫৫০ গৰাকীৰো অধিক প্ৰতিবাদকাৰী।

শনিবাৰে সামৰিক শাসকৰ বিৰুদ্ধে দেশ খনৰ বাগো আৰু খাটো নামৰ অঞ্চল দুটাত সমবেত হোৱা প্ৰতিবাদকাৰীৰ ওপৰত সেনাই নিৰ্বিচাৰে গুলীচলনা কৰে। ফলত পাঁচ জন প্ৰতিবাদকাৰীৰ থিতাতে মৃত্যু ঘটে। এই ঘটনাই সমগ্ৰ দেশ খনতে পুনৰ উত্তেজনা বঢ়াই তুলিছে।

উল্লেখ্য ১ ফেব্ৰুৱাৰিত সামৰিক অভ্যুত্থানৰ যোগেদি গণতান্ত্ৰিক চৰকাৰক ক্ষমতাচ্যুত কৰি জুণ্টা শাসন হস্তগত কৰাৰ দিনাৰ পৰাই সমগ্ৰ ম্যানমাৰ উত্তাল হৈ আছে।

ম্যানমাৰৰ জনতাই সামৰিক বাহিনীৰ ৰঙা চকুলৈ কেৰেপ নকৰি দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ দাবীত যোৱা দুমাহে নিৰন্তৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

৫৫০ ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰী সেনাৰ গুলীত নিহত হোৱাৰ পিছতো দেশখনৰ জনতা থমকি ৰোৱা নাই।

যোৱা শনিবাৰৰ দিনটো দেশখনৰ ইতিহাসৰ আটাইতকৈ ৰক্তাক্ত দিন হিচাপে চিহ্নিত হোৱাৰ পিছতো ম্যানমাৰৰ সেনাই প্ৰতিবাদকাৰীৰ ওপৰত গুলীবৰ্ষণ বন্ধ কৰা নাই।

উল্লেখ্য যে সংবাদ সংস্থা ৰয়টাৰ-এ প্ৰকাশ কৰা অনুসৰি এসপ্তাহ পূৰ্বেও আজিৰ দিনটোতে জুণ্টাৰ সেনাই দেশখনৰ ১৪১ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছিল।

ইফালে যোৱা সোমবাৰে আৰু ১৯ গৰাকী নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰিছে ম্যানমাৰ সেনাই।

ৰয়টাৰৰ মতে থাইলেণ্ডৰ সীমান্ত অঞ্চলত কাৰেন বিদ্ৰোহী সংগঠনৰ ওপৰত ম্যানমাৰ সেনাই বায়ু সেনাৰ বিমানেৰে আক্ৰমণ সংঘটিত কৰাৰ পিছত প্ৰায় ৩০০০ হাজাৰ লোক থাইলেণ্ডলৈ পলায়ন কৰিছে।