NORTHEAST NOW (Assamese)

কলাইগাঁৱৰ পানবাৰীত ন-বোৱাৰীৰ ৰহস্যজনক আত্মহত্যাক কেন্দ্ৰ কৰি চাঞ্চল্য, স্বামীক গ্ৰেপ্তাৰ

October 31, 2021 9:02 pm · চাজিদ খান, ওদালগুৰি

বিয়াৰ আঠমাহ পিছতেই ৰহস্যজনক মৃত্যুক সাৱটি ললে ইয়াছমিনা খাতুন নামৰ এগৰাকী ন-বোৱাৰীয়ে।

উল্লেখযোগ্য যে দৰং জিলাৰ পানবাৰী উপ আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপুখুৰী গাঁৱৰ ইয়াছমিনা খাতুন নামৰ যুৱতীগৰাকীক একেখন গাঁৱৰে ছফিকুল ইছলাম নামৰ যুৱকজনে পলুৱাই নি বিয়া পাতিছিল।

কিন্তু বিয়াৰ পিছতেই ছফিকুলৰ আচল চৰিত্ৰ প্ৰকাশ পায়।

জানিব পৰা মতে যৌতুক দাবীৰে নিতৌ ইয়াছমিনাৰ ওপৰত শাৰিৰীক মানসিক অত্যাচাৰ চলাই গৈছিল ছফিকুলে।

অভিযোগ অনুসৰি শনিবাৰে ৰহস্যজনকভাবে ইয়াছমিনাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে ছফিকুলৰ লগতে পৰিয়ালৰ লোকে।

এই ঘটনাৰ পিছতে ইয়াছমিনাৰ পৰিয়ালে পানবাৰী উপ- আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত লম্পট ছফিকুলক আৰক্ষীয়ে অতি তৎপৰতাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

Related News