NORTHEAST NOW (Assamese)

টীয়কৰ ভগামুখত কোৱাৰেন্টাইন কেন্দ্ৰত এজন ব্যক্তিৰ মৃত্যু

April 23, 2020 6:52 am ·

যোৰহাট জিলাৰ ভগামুখ আদৰ্শ চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত বুধবাৰে ভৰ্তি কৰোৱা এজন অসুস্থ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি মঙলবাৰে বিয়লি প্ৰায় ২ বজাত যোৰহাট জিলাৰ চেলেংহাটৰ ধোদৰ আলিৰ কাষত মুৰ্মুৰ্ষ প্ৰায় অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৪৫ বছৰীয়া এজন ব্যক্তি।

পিছত ১০৮ জৰুৰী সেৱা যোগে ভগামুখ আদৰ্শ চিকিৎসালয়লৈ আনি চিকিৎসালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত ভৰ্তী কৰোৱা লোকগৰাকীয়ে কিছুসময়ৰ পিছতে মৃত্যুক আকোঁৱালি লয় বুলি জানিব পৰা গৈছে।

মৃত লোকজনক গোলাঘাট জিলাৰ উৰিয়ামঘাট থানাৰ অন্তৰ্গত লক্ষীপুৰৰ মৃত টিকেন ৰাভাৰ পুত্ৰ নগেন ৰাভা বুলি চিনাক্ত কৰা হৈছে।

নাগালেণ্ডত এটা ব্যক্তিগত কোম্পানিত কৰ্মৰত  আছিল লোকজন। ইতিমধ্যে ভগামুখ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

Related News