অগ্নিকাণ্ডত পতিত হ’ল এজন হাজিৰা শ্ৰমিকে প্ৰতিষ্ঠা কৰা এটা পুথিভঁৰাল, ক’ত?

শুকুৰবাৰে কৰ্ণাটকৰ মায়ছুৰুত এটা ৰাজহুৱা পুথিভঁৰালত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে।

পুথিভঁৰালটোত কান্নাড়া ভাষাত লিখা প্ৰায় ১১,০০০ খন কিতাপ সংগ্ৰহ কৰি ৰখা হৈছিল।

অগ্নিসংযোগৰ ফলত সমূহ কিতাপ পুৰি ছাঁই হয়।

জানি আচৰিত হ’ব যে এই পুথিভঁৰালটো স্থাপন কৰি ইয়াক চোৱা-চিতা কৰি থকা ব্যক্তিজন এজন হাজিৰা শ্ৰমিক।

৬২ বৰ্ষীয় শ্ৰমিকজনৰ নাম ছয়ীদ ইচ্চাক।

তেওঁ কয় যে ২০১১ চনৰ পৰা পুথিভঁৰালটো তেওঁ চলাই আহিছে।

পুথিভঁৰালটোত ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ জীৱনী আৰু সকলো ধৰ্মৰ গ্ৰন্থসমূহ সংগ্ৰহ কৰি ৰখা হৈছিল বুলিও তেওঁ কয়।

তদুপৰি পুথিভঁৰালটোত দৈনিক ১৮ খন বাতৰি কাকতো যোগান ধৰিছিল।

অগ্নিকাণ্ডটোৰ পাছতে, ইচ্চাকে আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰে।

এজাহাৰখনত তেওঁ উল্লেখ কৰে যে যিসকল লোকে কান্নাড়া ভাষাৰ বিৰোধ কৰে, তেওঁলোকে এই দুষ্কাৰ্য সংঘটিত কৰিছে।

তেওঁ কয় যে অঞ্চলটোত শৈক্ষিক সুবিধা একেবাৰে নিম্ন মানদণ্ডৰ।

আনহাতে, ব্যতিক্ৰমী পুথিভঁৰালটো অগ্নিকাণ্ডত ধ্বংস হোৱাৰ বাতৰি সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছতে বহু লোকে ইচ্চাকৰ স’তে যোগাযোগ কৰে।

পুথিভঁৰালটো পুনৰ প্ৰতিষ্ঠা কৰিবলৈ ইতিমধ্যে ১২ লাখ টকা সামাজিক মাধ্যমযোগে বৰঙণি উঠিছে।

ইচ্চাকে এই লৈ আনন্দিত হৈ পৰিছে।

”যিয়ে নহওক, ভালৰ বাবেই সকলো হয়। ইয়াত শিক্ষাৰ অতি প্ৰয়োজন।”- হাজিৰা শ্ৰমিকজনে কয়।

শ্ৰমিকজনে কয় যে মাহিলী তেওঁ ৮০০০ টকা পুথিভঁৰালটোৰ বাবে খৰচ কৰি আহিছে।

ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামৰ এটা উক্তি দাঙি ধৰি তেওঁ কয়- ”তোমাৰ ১০০জন বন্ধুৱে তোমাক বিশ্বাসঘাটকতা কৰিব পাৰে, কিন্তু এখন কিতাপে তোমাক কেতিয়াও বিশ্বাসঘাটক নকৰে।”