উত্তৰ পূব সীমান্ত ৰে’লৱেই সোমবাৰে ৰে’ল-হাতীৰ সংঘৰ্ষ আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থা প্ৰতিহত কৰাৰ উদ্দেশ্যে ইনট্ৰুজন ডিটেকচন চিষ্টেম (আই.ডি.এছ.) স্থাপনৰ বাবে ৰে’লটেইল কৰ্পোৰেচন অফ ইণ্ডিয়া লিমিটেডৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে৷
উত্তৰ পূব সীমান্ত ৰে’লৱেই বন্য জন্তু, বিশেষকৈ হাতীৰ ৰে’লৱে ট্ৰেকৰ কাষেৰে চলাচল প্ৰতিহত আৰু চিনাক্ত কৰাৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰি আহিছে৷ গুৰুত্বপূৰ্ণ খণ্ডসমূহত আইডিএছ স্থাপন কৰাটো হৈছে ইয়াৰ ভিতৰত অন্যতম।
উত্তৰ পূব সীমান্ত ৰে’লৱেৰ চীফ কমিউনিকেচন ইঞ্জীনিয়াৰ জি আৰ দাস আৰু এক্সজিকিউটিভ ডাইৰেক্টৰ/ইষ্টাৰ্ণ ৰিজন/ ৰেলটেইল জাকিৰ ছিদ্দিকিয়ে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক অংশুল গুপ্তা আৰু ভাৰতীয় ৰে’লটেইল নিগমৰ চীফ মেনেজিং ডাইৰেক্টৰ সঞ্জয় কুমাৰৰ উপস্থিতিত এই বুজাবুজি চুক্তিখনত স্বাক্ষৰ কৰে।
লগতে পঢ়ক: প্ৰেমে বয়স নামানে! ৯২ বছৰ বয়সত পঞ্চম বিবাহৰ বাবে সাজু মিডিয়া সম্ৰাট ৰুপাৰ্ট মৰ্ডক; কইনা কোন?
পশ্চিম বংগৰ আলিপুৰদুৱাৰ মণ্ডলৰ অন্তৰ্গত ডুৱাৰ্চ অঞ্চলৰ হাচিমাৰা-চালছা খণ্ড আৰু অসমৰ লামডিং মণ্ডলৰ অন্তৰ্গত লংকা-হাৱাইপুৰ খণ্ডত উত্তৰ পূব সীমান্ত ৰে’লৱেই হাতত লোৱা আই.ডি.এছ.-ত পাইলট প্ৰকল্পটোৰ ১০০% সফলতাৰ পিছত এতিয়া উত্তৰ পূব সীমান্ত ৰে’লৱেত বিস্তৃত হৈ থকা আন সকলো হস্তী কৰিডৰত ক্ৰমান্বয়ে প্ৰণালীটো স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
প্ৰণালীটো আৰ্টিফিচিয়েল ইন্টেলিজেন্স (এআই) আধাৰিত আৰু বিদ্যমান অপ্টিকেল ফাইবাৰসমূহ সংশ্লিষ্ট এলেকাসমূহত বন্য জন্তুৰ চলাচল চিনাক্ত কৰিবলৈ চেন্সৰ হিচাপে ব্যৱহাৰ কৰা হ’ব আৰু সতৰ্ক নিয়ন্ত্ৰণ কাৰ্যালয়, ষ্টেচন মাষ্টৰ, গেটমেন আৰু লোকো পাইলট সকলকো সতৰ্ক কৰিবৰ বাবে ব্যৱহাৰ কৰা হব। ই ট্ৰেকত হাতীৰ উপস্থিতি প্ৰকৃত সময়ৰ ভিত্তিত অনুধাৱন কৰাৰ বাবেডায়ালেইচিচ স্কেটাৰিং ফেনোমেননৰ ওপৰত কাম কৰা ফাইবাৰ অপটিক আধাৰিত ধ্বনি প্ৰণালী ব্যৱহাৰ কৰে।
এ.আই. আধাৰিত ছফ্টৱেৰে ৬০কিলোমিটাৰ পৰ্যন্ত এক ব্যাপ্তিৰে লক্ষ্যণীয় চলাচল নিৰীক্ষণ কৰিব পাৰে। ইয়াৰ উপৰিও আইডিএছে ৰে’লৰ ফ্ৰেকচাৰ, ৰে’লপথৰ ওপৰত অনধিকাৰ প্ৰৱেশ আৰু ৰে’লৱে ট্ৰেকৰ সমীপত অনাধিকৃত খনন আৰু ট্ৰেকৰ সমীপৰ ভূমিস্খলন আদিৰ বাবে দুৰ্যোগ প্ৰশমন সম্পৰ্কে সতৰ্ক কৰি ৰখাত সহায় কৰিব।
লগতে পঢ়ক: প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে; কি হ’ব এতিয়া?
উল্লেখযোগ্য যে এই পাইলট প্ৰকল্পটো ৰে’লপথৰ সমীপলৈ অহা বহুতো হাতীৰ জীৱন ৰে’লৰ খুন্দাৰ পৰা ৰক্ষা কৰাত ইতিমধ্যে যথেষ্ট সফলতাৰে ৰূপায়ন কৰা হৈছে।