• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিলে ইণ্টাৰপোলে; কি হ’ব এতিয়া?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 21, 2023 7:32 am
মেহুল চোকছি। ফাইল ফটো।

মেহুল চোকছি। ফাইল ফটো।

122
VIEWS
Share on FacebookShare on Twitter

ইণ্টাৰপোলে পলাতক প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। মেহুল চোকছিৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকৰ ২ বিলিয়ন আমেৰিকান ডলাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ নকৰাটো নিশ্চিত কৰিবলৈ ভাৰতে যুঁজ অব্যাহত ৰাখিছিল। তেওঁৰ ওপৰত বৃহৎ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ চলি আছে।

সূত্ৰসমূহৰ মতে, ইণ্টাৰপোলৰ এই সিদ্ধান্তৰ বাবে চিবিআই আৰু ইডি  কিছু পৰিমাণে বেকফুটত যাব পাৰে। কিয়নো যদি এই ৰেড নটিচখন উঠি গ’লে মেহুলে সোনকালে এণ্টিগুয়া আৰু বাৰ্বুডা এৰিব পাৰে। তেওঁ তাতে নাগৰিকত্ব লাভ কৰিছে। এইটোও দাবী কৰা হৈছিল যে যদি তেওঁ ভাৰতলৈ আহে তেন্তে তেওঁৰ বিৰুদ্ধে সঠিক ব্যৱস্থা লোৱা নহ’ব।

ইপিনে, যোৱা বছৰ মেহুল চোকছিয়ে এবাৰ ৰেড নটিচ পুনৰীক্ষণ কৰিবলৈ ইণ্টাৰপোলক আবেদন জনাইছিল। অৱশ্যে, ভাৰতৰ ফালৰ পৰা কোৱা হৈছিল যে আমি এই সন্দৰ্ভত ইণ্টাৰপোলৰ সৈতে নিয়মীয়া যোগাযোগত আছো।

ভাৰতে কৈছিল যে যদি এই ৰেড নটিচ উঠাই লোৱা হয়, তেন্তে মেহুলে এণ্টিগুয়াৰ পৰা পলায়ন কৰিব পাৰে। ভাৰতে কৈছিল যে গোচৰটো এটা গুৰুত্বপূৰ্ণ স্থানত আহি ৰৈছে। তেওঁ কেইবাটাও গোচৰত অভিযুক্ত।

চোকছিয়ে আগতে অভিযোগ কৰিছিল যে তেওঁক এজন ভাৰতীয় এজেণ্টে এণ্টিগুয়াৰ পৰা অপহৰণ কৰিছিল আৰু তাৰ পিছত ডমিনিকালৈ লৈ গৈছিল। সেইটো আছিল ২০২১ৰ ২৩ মে’ৰ ঘটনা। পিছদিনা তেওঁক ডমিনিকাত দেখা গৈছিল। এই বিষয়ে জানিবলৈ পোৱাৰ পিছত ভাৰতীয় তদন্তকাৰী দল ডমিনিকালৈ উৰা মাৰে। ২৮ মে’ত তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু তেতিয়ালৈকে, মেহুলে পুনৰ ডমিনিকা উচ্চ আদালতত বন্দী প্ৰত্যক্ষীকৰণ  (হেবিয়াছ কৰ্পাছ) গোচৰ ৰুজু কৰে।

মেহুলে অভিযোগ কৰিছিল যে তেওঁক অপহৰণ কৰা হৈছিল আৰু অত্যাচাৰ চলোৱা হৈছিল। ইপিনে, ভাৰতে কৈছিল যে ১৩,৫৭৮ কোটি ঋণ জালিয়াতিৰ মুখ্য ষড়যন্ত্ৰকাৰী আছিল চোকছি। ২০২১ চনৰ জুনৰ প্ৰথম সপ্তাহত ডমিনিকাত ভাৰতে এইকথা কৈছিল। তেওঁক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰি ভাৰতলৈ ঘূৰাই পঠোৱাৰ দাবী কৰা হৈছিল। কিন্তু চোকছি ঘূৰি নাহিল।

সেই সময়ত এণ্টিগুয়াৰ ৰয়েল পুলিচে এটা অপহৰণৰ গোচৰ আৰম্ভ কৰিছিল। তাৰ পিছত চোকছিক ডমিনিকাত অনুপ্ৰৱেশ কৰাৰ অভিযোগ তুলি এণ্টিগুয়ালৈ ঘূৰাই পঠোৱা হয়। কিন্তু এইবাৰ চোকছিক ভাৰতলৈ ঘুৰাই অনাৰ প্ৰচেষ্টাত আন এক জটিলতা আহি পৰিল!

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd