বিশ্বনাথত আৰম্ভ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ জিলা অধিৱেশন

বিশ্বনাথ

বিশ্বনাথত নাম প্ৰতিযোগিতাৰ দেওবাৰৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

দেওবাৰৰ পৰা বিশ্বনাথ চাৰিআলিৰ সাধৰুপাৰ নগাওঁ বৰকুৰা নামঘৰত আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ প্ৰথম দ্বি-বাৰ্ষিক জিলা অধিৱেশন।

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিৱেশনখনৰ পুৱা প্ৰায় ৮বজাত মুখ্য তোৰণ আৰু অধিৱেশন ক্ষেত্ৰ উন্মোচন কৰে বিশ্বনাথ সমষ্টিৰ বিধায়ক তথা আদৰণি সমিতিৰ সভাপতি প্ৰমোদ বৰঠাকুৰে।

আদৰণি সমিতিৰ কাৰ্য্যালয় উদ্বোধন কৰে সমাজৰ জিলা সভাপতি মদন শৰ্মাই। সমাজৰ জিলা কাৰ্য্যালয় উদ্বোধন কৰে আদৰণি সমিতিৰ কাৰ্য্যকৰী সভাপতি অকণ শইকীয়াই।

জিলাখনৰ আইমাতৃসকলৰ মাজত অনুষ্ঠিত দিহা নামত বিশ্বনাথ চাৰিআলি আঞ্চলিক আইমাতৃ সমাজে প্ৰথম স্থান, পাভৈ আঞ্চলিক আইমাতৃ সমাজে দ্বিতীয় স্থান; বিয়ানাম প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলি আঞ্চলিক আইমাতৃ সমাজে প্ৰথম স্থান, পাভৈ আঞ্চলিক আইমাতৃ সমাজে দ্বিতীয় স্থান লাভ কৰে।

জিলা যুৱ সমাজৰ মাজৰ ঘোষা প্ৰতিযোগিতাত স্মৃতা দাসে প্ৰথম স্থান, ধৃতি শইকীয়াই দ্বিতীয় স্থান;  আৰু বৰগীত প্ৰতিযোগিতাত চুমি বৰাই প্ৰথম স্থান, কাজু বৰাই দ্বিতীয় স্থান লাভ কৰে।

সন্ধ্যা ৭ বজাত ৰঙিয়া আৰু মঙ্গলদৈৰ ভকতৰদ্বাৰা পৰিৱেশিত আৰু শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক প্ৰফুল্ল ভূঞাৰ ব্যৱস্থাপনাত প্ৰমত্ত কেশৰী পালনাম উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজ অসমৰ ৰাজ্যিক সভাপতি ভূপেন দাধৰাই।