তামুলপুৰত গণ সুৰক্ষা পাৰ্টিৰ বিশাল বাইক ৰেলী; হাগ্ৰামা আৰু বিজেপিক কটাক্ষ নৱ কুমাৰ শৰণীয়াৰ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে বিটিচিত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা আৰম্ভ হৈছে।

আজি তামুলপুৰ জিলা গন সুৰক্ষা পাৰ্টি আৰু অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী দিলীপ শৰণীয়া , ২৬ নম্বৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বনমালী ৰাভা আৰু ২৭ নম্বৰ নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ ডেনিয়েল মাৰদিৰ সমৰ্থনত তেতেলিগুৰীৰ পৰা এটি বিশাল বাইক ৰেলী উলিওৱা হয় ৷

বাইক ৰেলীটোৰ শুভাৰম্ভ কৰে সাংসদ নৱ কুমাৰ শৰনীয়াই ৷ সাংসদ গৰাকীয়ে বাইক ৰেলীটো উদ্বোধন কৰি এইবাৰ বিটিচি নিৰ্বাচনত ত্ৰিশ খন আসন লাভ কৰি জি এছ পি আৰু অবড়ো সুৰক্ষা সমিতিয়ে বিটিচি পৰিষদ দখল কৰিব বুলি শৰণীয়াই মন্তব্য কৰে।

ইপিনে, সংবাদ মাধ্যমৰ আগত সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে, বিজেপি বিপিএফ আৰু ইউপিপিএলৰ কাজিয়াখন গিৰিয়েক ঘৈনীয়েকৰ কাজিয়া ৷ এই কাজিয়া কেতিয়াও তালাকলৈ গুচি নাযায় ৷

প্ৰসংগক্ৰমে বিজেপি চৰকাৰে বিপিএফ দলৰ নেতা হাগ্ৰামা মহিলাৰীক আগতেই কিয় নিয়ন্ত্ৰণ নকৰিলে বুলি প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে ৷

বিটিচিত অসমীয়া ভাষাৰ ক্ষেত্ৰত মন্তব্য কৰি তেওঁ স্পষ্টভাৱে কয় যে, আমাৰ মানুহৰ এটাই কথা যে জীৱন দিম কিন্তু বড়ো ভাষাত অধ্যয়ন নকৰো ৷

উল্লেখযোগ্য যে, এই বাইক ৰেলীটোৱে ২৮ নম্বৰ গয়বাৰী , ২৬ নম্বৰ দৰঙাজুলি আৰু ২৭ নম্বৰ নাগ্ৰিজুলি পৰিষদীয় সমষ্টি পৰিভ্ৰমণ কৰে ।

গণ সুৰক্ষা পাৰ্টীৰ সম্পাদক ভাস্কৰ কলিতা , জিএছপিৰ নেতা মুকুট মহন্ত , ডিম্বেশ্বৰ ৰাভাকে ধৰি কেইবাজনো নেতা কৰ্মীৰ উপস্থিতিত বাইক ৰেলীত অংশগ্ৰহণকাৰী সকলে জি এছ পি জিন্দাবাদ , অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ , নৱ কুমাৰ শৰণীয়া জিন্দাবাদ , দিলীপ শৰণীয়া লং লিভ , বনমালী ৰাভা লং লিভ , ডেনিয়েল মাৰদি লং লিভ আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে।