যোৰহাট প্ৰশাসনে নগা বেদখলৰ বিৰুদ্ধে চলোৱা উচ্ছেদৰ পিছতে বেদখলকাৰীৰ বাগিচাৰ শ্ৰমিকলৈ গুলীচালনা

ফটো : নৰ্থ-ইষ্ট নাও

অসম-নাগালেণ্ডৰ দীৰ্ঘদিনীয়া এটা সমস্যা হৈছে সীমা বিবাদ। শেহতীয়াকৈ মৰিয়নীৰ ই ছেক্টৰৰ দিচৈভেলি সংৰক্ষিত বনাঞ্চলত বিগত কিছু দিনৰ পৰা কাষৰীয়া নগা কেইখনমান গাঁৱৰ লোক আৰু নগা প্ৰশাসনৰ লোক আহি বনাঞ্চল খনৰ অন্তৰ্গত জানখানা জুৰী খনৰ ওপৰেদি আহি মৰিয়নী নাগাজাংকা অঞ্চলত সংযোগ কৰিব পৰাকৈ এটা পথ নিৰ্মাণ কৰি থকাৰ অভিযোগ কৰি আহিছিল স্থানীয় লোকে।

যোৱা বছৰৰ শেষৰ ভাগত নগা বেদখলকাৰীয়ে উক্ত পথটোত থকা জানখানা জুৰীৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ কাম আৰম্ভ কৰি চলিত বছৰৰ মাজভাগত সম্পূৰ্ণ কৰে।

ইয়াৰ পৰৱৰ্তী সময়ত দলংখন অতিক্ৰম কৰি পাহাৰৰ টিলাত এটা কেম্প নিৰ্মাণৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছিল।

দেওবাৰে যোৰহাট জিলা প্ৰশাসনৰ এটা দলে নগা বেদখলকাৰীয়ে নিৰ্মাণ কৰিবলৈ যো-জা চলোৱা কেম্পৰ সামগ্ৰী জব্দ কৰি লৈ অহাৰ ১২ ঘন্টা নহওঁতেই নগা বেদখলকাৰী দল এটাই তেওঁলোকে নিৰ্মাণ কৰা দলং অতিক্ৰম কৰি আহি অসমৰ নগাজাংকা চাহ বাগিচাত প্ৰায় ৫/৬ কিলোমিটাৰ আগবাঢ়ি আহি বাগিচাৰ শ্ৰমিকৰ ঘৰ সমূহলৈ উদেশ্য কৰি কেইবা ৰাউণ্ড গুলী চালনা কৰে।

আজি পুৱা মৰিয়নী থানাৰ আৰক্ষী বাগিচাত উপস্থিত হৈ পৰিৱেশ পৰ্যবেক্ষণ কৰি পৰৱৰ্তী সময়ত জানখানা জুৰীৰ কাষতে অসমৰ ভূমিত নগা আৰক্ষীৰ এটা দল বাহৰ পাতি থকাৰ খৱৰ অসম আৰক্ষীক দিয়াত জুৰীখনৰ কাষলৈ বুলি আৰক্ষী দলটো গৈ পুনৰ উভতি আহি নিজৰ দায়িত্ব সামৰে বুলি জানিব পৰা গৈছে।

দেওবাৰে নিশা নগা বেদখলকাৰীয়ে চলোৱা গুলীচালনাৰ ঘটনাৰ পিছৰে পৰা সম্প্ৰতি সমগ্ৰ অঞ্চলবাসীয়ে ভয়-শংকাৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ আছে।