Manipur ambush: হত্যা-হিংসাৰ পৰিস্থিতিৰ অৱসান ঘটাবলৈ আহ্বান নগা মাদাৰ্ছ এছ’চিয়েশ্যনৰ

Manipur ambush

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত ১৩ নৱেম্বৰত অসম ৰাইফলছৰ কনভয়ত সংঘটিত ভয়ানক আক্ৰমণৰ পিছত শান্তিৰ স্বাৰ্থত সশস্ত্ৰ হিংসা আৰু হত্যা বন্ধৰ বাবে আহ্বান জনাইছে নগা মাদাৰ্ছ এছ’চিয়েশ্যনNMA)- এ।

নাগালেণ্ডৰ এজন যুৱ সৈনিক, এগৰাকী মাতৃ আৰু তেওঁৰ সৰু পুত্ৰকে ধৰি অসম ৰাইফলছৰ কৰ্মীসকলক হত্যা কৰাক গৰিহণা দি এনএমএৰ সভাপতি আবেইউ মেৰু আৰু সম্পাদক লোচুমবেনি হুমটছোৱে সোমবাৰে এক বিজ্ঞপ্তিত সকলো সশস্ত্ৰ গোটক শান্তি আৰু নিৰাপত্তাৰ স্বাৰ্থত মানৱ অধিকাৰ আৰু মহিলাৰ অধিকাৰক সন্মান জনাবলৈ আহ্বান জনায়।

এনএমএয়ে কয় যে এইয়া শান্তিৰ সময় আৰু হিংসা আৰু হত্যাৰে সমাধান নাহে।

“মাতৃ আৰু মহিলা হিচাপে, আমি সামৰিককৰণ আৰু দমনমূলক ভাৱে প্ৰৱৰ্তন কৰা কঠোৰ সশস্ত্ৰ বাহিনী বিশেষ শক্তি আইন (AFSPA)ৰ ছাঁত জীয়াই আছোঁ আৰু প্ৰতিবাদ কৰি আছো।” সংগঠনটোৱে কয়।

নগা মাদাৰ্ছ এছ’চিয়েশ্যনে ভাৰত চৰকাৰক AFSPA বাতিল কৰিবলৈ আৰু সমগ্ৰ উত্তৰ-পূব অঞ্চলত শান্তি আৰু ন্যায় নিশ্চিত কৰিবলৈ আহ্বান জনায়।

নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী ৱাই পেটনেও চুৰাচান্দপুৰ এম্বুছত অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰ আৰু তেওঁৰ পৰিয়ালকে ধৰি নাগালেণ্ডৰ ৰাইফলমেন খাটনেই কোনিয়াক আৰু আন জোৱান সকলৰ হত্যাক তীব্ৰ গৰিহণা দিয়ে।

এই ঘটনাই প্ৰতিজন শান্তিপ্ৰেমী নাগৰিকক হতবাক কৰি তুলিছে বুলি উল্লেখ কৰি পেটনে কয় যে এনে কঠোৰ আক্ৰমণ আৰু হত্যাৰ সমাজত কোনো স্থান নাই।

তেওঁ কৈছিল যে কৰ্তব্যৰ স্বাৰ্থত মৃত্যু হোৱা ৰাইফলমেন খাটনেইক তেওঁ কৰা ত্যাগৰ বাবে স্মৰণ কৰা হ’ব।

উল্লেখ্য যে শনিবাৰে সশস্ত্ৰ উগ্ৰপন্থীয়ে অসম ৰাইফলছৰ কনভয়ত আক্ৰমণ চলাই সেনাক কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী, তেওঁৰ পত্নী আৰু পুত্ৰৰ লগতে চাৰিজন জোৱানক হত্যা কৰিছিল।

মণিপুৰৰ দুটা বিদ্ৰোহী গোট – পিপলছ লিবাৰেচন আৰ্মী আৰু মণিপুৰ নাগা পিপলছ ফ্ৰণ্টে যুটীয়াভাৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল।