নাগা চুক্তি : নাগা বিদ্ৰোহীসকলক এটা নতুন নিৰাপত্তা বাহিনীত মকৰল কৰা হ’ব

NSCN IM

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

অলপতে সম্পন্ন হ’ব লগীয়া নাগা চুক্তিৰ আধাৰত নাগা বিদ্ৰোহী কেডাৰসকলক এটা নতুনকৈ গঠন হ’ব লগীয়া নিৰাপত্তা বাহিনীত মকৰল কৰা হ’ব।

নাগা বিদ্ৰোহীৰ প্ৰতিনিধি আৰু চৰকাৰী বিষয়াৰ সূত্ৰই কোৱা বুলি জানিবলৈ দি এই বাতৰি প্ৰকাশ কৰিছে হিন্দুস্তান টাইমছে।

বাতৰি প্ৰতিষ্ঠানটোত প্ৰকশা পোৱা তথ্য মতে, বৰ্তমান আলোচনাত থকা নাগা বিদ্ৰোহী গোটবোৰৰ প্ৰায় ৮০০০ আছে। ইয়াৰে প্ৰায় ২,৫০০-ৰ পৰা ৪০০০ মান কেডাৰ কেৱল এন এছ চি এন (আই এম)ৰ।

আনহাতে বিদ্ৰোহীসকলৰ অস্ত্ৰ-শস্ত্ৰবোৰ সংৰক্ষণ কৰা হ’ব চুক্তিখনৰ আধাৰত নতুনকৈ স্থাপন হ’ব লগীয়া Naga Revolutionary Museum (নাগা বিপ্লৱ যাদুঘৰত)ত।

চুক্তিখনৰ বাবে হোৱা অন্তিম পৰ্য্যায়ৰ আলোচনাত কি কি বিষয়ত সহমতত উপনীত হোৱা গ’ল- এই কথা এতিয়াও ৰাজহুৱা হোৱা নাই যদিও, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু অসমৰ নাগা বসতিপ্ৰধান অঞ্চলবোৰত নাগা স্বশাসিত পৰিষদ গঠন এটা চৰ্ত বুলি জানিব পৰা গৈছে।

শেষ ৰাউণ্ড বৈঠক অনুষ্ঠিত হোৱাৰ পিছত ৩১ অক্টোবৰত গৃহ মন্ত্ৰ্যালয়ে এটা বিবৃতিত হৈছিল, এইটো স্পষ্ট কৰা হৈছে যে নাগা দলবোৰৰ সৈতে যিকোনো মীমাংসাত উপনীত হোৱাৰ পূৰ্বে, অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশকে ধৰি সকলো স্বাৰ্থজড়িত পক্ষৰ সৈতে আলোচনা কৰা হ’ব।”

যোৱা সপ্তাহটোত হোৱা কেইবালানি বৈঠকত কি কি সিদ্ধান্তত উপনীত হ’ব পৰা গ’ল সেই সন্দৰ্ভত কোনো পক্ষই মুখ খোলা নাই যদিও, নাগা বিদ্ৰোহীসকলক নতুন নিৰাপত্তা বাহিনীত মকৰল কৰা হ’ব বুলি ওলোৱা খবৰে উৎসাহিত কৰিছে বৰ্তমান ডেজিগনেটেড কেম্পত থকা সদস্যসকলক।

আনহাতে কেৱল সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠানবোৰতহে নাগা সুকীয়া পতাকা ব্যৱহাৰ কৰাৰ বাবে সহমতত উপনীত হোৱা বুলি অনিৰ্ভৰযোগ্য সূত্ৰবোৰে দাবী কৰিছে।

ৰাজনৈতিক সুকীয়া পতাকা আৰু সুকীয়া সংবিধানৰ বিষয়টোত আঁকোৰগোঁজ হৈ থকা এন এছ চি এম (আই-এম) চুক্তিৰ পিছত গণতান্ত্ৰিক আলোচনাৰ মাজেৰে উপনীত হ’বলৈ সন্মত হোৱা বুলি একেটা সূত্ৰত প্ৰকাশ।

বহু প্ৰত্যাশিত চূড়ান্ত চুক্তিখন পৰৱৰ্তী এপষেকৰ ভিতৰত সম্পন্ন হোৱাৰ আশা কৰা হৈছে।