প্ৰধান মন্ত্ৰী মোদীৰ ভ্ৰমণৰ সময়তে বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিবাদৰ জোৱাৰ

Citizenship-Bill-1-750x375

প্ৰতিনিধিত্বমূলক ফটো

বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১১ ফেব্ৰুৱাৰিত ১২ ঘণ্টীয়া নাগালেণ্ড বন্ধৰ আহ্বান জনাইছে নাগালেণ্ড গাওঁবুঢ়া ফেডাৰেশ্যন (এনজিবিএফ), নাগা হো হো আৰু নাগৰিক সমাজে। ফেডাৰেশ্যনে নাগা হো হো আৰু নাগৰিক সমাজৰ সৈতে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।

উক্ত বৈঠকত সকলো শীৰ্ষ জনজাতীয় সংগঠনকে তেওঁলোকৰ সংশ্লিষ্ট জিলাসমূহত বন্ধ পালন কৰাৰ বাবে আহ্বান জনোৱা হয়। আনহাতে, কেন্দ্ৰীয় নাগালেণ্ড ছাত্ৰ সন্থাই শুকুৰবাৰে বন্ধৰ প্ৰতি সমৰ্থন জনাই ইয়াৰ শাখাসমূহক বন্ধ পালনৰ বাবে আহ্বান জনাইছে।

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূবৰ তিনিখন ৰাজ্য ভ্ৰমণৰ মুহূৰ্তত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ কথা সোঁৱৰাই দিছে উত্তৰ-পূব ছাত্ৰ সংগঠন চমুকৈ নেছ’ই। উত্তৰ-পূবৰ সাতখন ৰাজ্যক প্ৰতিনিধিত্ব কৰা ছাত্ৰ সংগঠনৰ উমৈহতীয়া মঞ্চখনে উত্তৰ-পূববাসীয়ে কোনো কাৰণতে বিধেয়কখন গ্ৰহণ নকৰে বুলি স্পষ্ট কৰি দিছে।

নেছৰ অধ্যক্ষ ছেমুৱেল বি জাৰৱা আৰু সচিবপ্ৰধান ছিনাম প্ৰকাশ সিঙে এটা বিবৃতিত কয় যে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো কাৰণতে যাতে ৰাজ্যসভাত উত্থাপন নহয়, কেন্দ্ৰীয় চৰকাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক।

বিবৃতিটোত স্পষ্টভাৱে কোৱা হৈছে যে যদিহে ৰাজ্যসভাত বিধেয়কখন গৃহীত হয়, তেনেহ’লে উত্তৰ-পূবত অস্থিৰতাৰ সৃষ্টি হ’ব আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰেই জগৰীয়া হ’ব।