অসম, মণিপুৰ, অৰুণাচল আৰু ম্যানমাৰৰ নাগাসকল নাগালেণ্ডৰ খিলঞ্জীয়া হ’ব নোৱাৰে : প্ৰাক্তন মুখ্য মন্ত্ৰী জমিৰ

অনুপ চেতিয়াৰ উপস্থিতিত ডিমাপুৰত নাগা ইণ্ডেজেনাছ পীপলছ ফ’ৰামৰ আনুষ্ঠানিক জন্ম

Nagaland Indigenous People’s Forum

নাগা ইণ্ডেজেনাছ পীপলছ ফ’ৰামৰ আনুষ্ঠানিক শুভাৰম্ভ অনুষ্ঠান। ২৬ অক্টোবৰত। ফটোৰ উৎস : ফেইচবুক।

নাগালেণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী এছ চি জমিৰে কৈছে যে অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰৰ নাগাসকল নাগালেণ্ডৰ খিলঞ্জীয়া হ’ব নোৱাৰে, এওঁলোক সেইবোৰ ৰাজ্য আৰ দেশৰহে খিলঞ্জীয়া।

“নাগা হ’ল বুলিয়েই তেওঁলোকে নিজকে নাগালেণ্ডৰ খিলঞ্জীয়া বুলি দাবী কৰিব নোৱাৰে”, ২৬ অক্টোবৰত ডিমাপুৰত এখন সভাত জমিৰে দিয়া এই বক্তব্যৰ উদ্ধৃতি দিছে নাগালেণ্ড পোষ্টে।

জমিৰ ৫বাৰকৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী হোৱাৰ উপৰি গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা আৰু উৰিষ্যাৰ ৰাজ্যপাল আছিল।

নাগালেণ্ড পোষ্টত প্ৰকাশ পোৱা বাতৰিটো মতে, জমিৰে নিজৰ মতৰ সপক্ষে ব্যাখ্যা আগ বঢ়াই কয়, “চীনা মানুহবোৰ বিশ্বৰ বিভিন্ন ঠাইত বাস কৰি আছে। কিন্তু চীনে এই মানুহবোৰক চীনৰ খিলঞ্জীয়া মানুহ বুলি গণ্য নকৰে।”

“এই গুৰুত্বপূৰ্ণ বিষয়টোত নাগালেণ্ডৰ নাগাসকলে যিকোনো উপাদান বা ন্যস্তস্বাৰ্থৰ দ্বাৰা বিভ্ৰান্ত হ’ব নালাগে বা ভীতিগ্ৰস্ত হ’ব নালাগে”, জমিৰৰ আহ্বান।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে ২৬ অক্টোবৰত ডিমাপুৰস্থিত ডন বস্কো স্কুলত নাগা ইণ্ডিজেনাছ পীপলছ ফ’ৰাম (নাগা খিলঞ্জীয়া লোকৰ মঞ্চ)ৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি ভাষণ দিছিল। এই মঞ্চখন নৰ্থ ইষ্ট ইণ্ডিজেনাছ পীপল ফৰামৰ (North East Indigenous People Forum (NEIPF)) নাগালেণ্ড শাখা।

তেওঁ খিলঞ্জীয়া নাগাসকলক চিনাক্ত কৰা বিষয়টো নিৰাৱেগ আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ দৃষ্টিৰে লোৱা উচিত বুলি মন্তব্য কৰে। তেওঁৰ মতে, ই নাগালেণ্ডৰ বৰ্তমানৰ আৰু ভৱিষ্যতৰ বাসিন্দাসকলৰ জীৱনক প্ৰভাৱিত কৰিব।

“বিষয়টোত আগ বাঢ়োতে সাম্প্ৰদায়িক, জনজাতীয় অথবা ধৰ্মীয় পক্ষপাত নকৰাকৈ এটা বহল দৃষ্টিভংগি লোৱা উচিত”, জমিৰৰ মন্তব্য।

তাৎপৰ্য্যপূৰ্ণভাৱে এটা সূত্ৰত প্ৰকাশ যে জমিৰে নাগালেণ্ডৰ কছাৰীসকলক নাগালেণ্ডৰ খিলঞ্জীয়া বুলি কালিৰ সভাখনত মন্তব্য কৰে।

কংগ্ৰেছৰ প্ৰাক্তন মুখ্য মন্ত্ৰীজনে পৰিসংখ্যা দাঙি ধৰি কয়, বৰ্তমান নাগালেণ্ড ৰাজ্যখনে ১৬০০০ বৰ্গ কিলোমিটাৰতকৈ সামান্য বেছি ভূমি সামৰি আছে আৰু প্ৰায় ২ নিযুত জনসংখ্যা আছে। কিন্তু ২০৫০ চনত এই সংখ্যা প্ৰায় ৫ নিযুত হ’বগৈ।

“আমি বৰ্তমান থকা ঠাইখিনি নাগালেণ্ডৰ খিলঞ্জীয়াৰ বাবে যথেষ্ট নহয় আৰু জনসংখ্যাতো বাঢ়িয়েই থাকিব। ঠাই নাবাঢ়ে, চাকৰি-বাকৰিও সীমাবদ্ধ হ’ব”, জমিৰে সাৱধানবাণী দি কয়।

তেওঁ খিলঞ্জীয়া বিষয়টোত বৰ্তমানৰ ৰাজ্যখনৰ নেতৃত্বই লোৱা সিদ্ধান্তই নাগালেণ্ডৰ নৱ প্ৰজন্মৰ উত্তৰবৰ্তিতা (survival) নিৰ্ণয় কৰিব।

তেওঁ উত্তৰ-পূবৰ সকলোকে বৃহৎ শক্তিবোৰৰ আগ্ৰাসনৰ বিৰুদ্ধে মাৰবান্ধি থিয় হোৱাৰ আহ্বান জনায়।

ৰাজ্য হিচাপে নাগালেণ্ডৰ জন্ম দিয়া ১৯৬০ চনৰ চুক্তিখনত স্বাক্ষৰকাৰী নাগা পীপলছ কনভেনশ্যনৰ (Naga People’s Convention ) একমাত্ৰ জীৱিত সদস্য।

নাগা ইণ্ডিজেনাছ পীপলছ ফ’ৰাম আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া আৰু আন কেইবাজনো নেতাৰ নেতৃত্বত গঠিত নৰ্থ ইষ্ট ইণ্ডিজেনাছ পীপল ফৰামৰ (North East Indigenous People Forum (NEIPF)) নাগালেণ্ড শাখা। অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে এন ই আই পি এফৰ মুখ্য আহ্বায়ক অনুপ চেতিয়াও উপস্থিত আছিল।

চেতিয়াই নিজৰ ভাষণত বহিৰাগত আৰু অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে খিলঞ্জীয়াসকলক সতৰ্ক কৰি দিয়ে।

“নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ’লে হিন্দু প্ৰব্ৰজনকাৰী আহি আমাৰ ভূমিত বহি ল’ব”, চেতিয়াই সাৱধান কৰি দি কয়।

তেওঁ ফ’ৰামখনৰ উদ্দেশ্য সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰণৰ সংস্কৃতি, পৰিচয় আৰু ভাষাক সুৰক্ষা দিয়া বুলি উল্লেখ কৰে।

উল্লেখ কৰিব পাৰি, এন এছ চি এনে সমগ্ৰ নাগাসকলক একত্ৰিত কৰি বৃহত্তৰ নাগালিম গঠনৰ বাবে দীৰ্ঘদিন ধৰি সশস্ত্ৰ বিদ্ৰোহ কৰি আহিছে, যিটোৰ পৰিসমাপ্তি নাগা শান্তিচুক্তিৰ মাজেৰে হ’বলৈ গৈ আছে। এই মাহৰ ভিতৰতে ইয়াৰ অন্তিম ৰূপায়ণ হোৱাৰ কথা।