ড্ৰাগছৰ কবলত ড্ৰাই ষ্টেট নাগালেণ্ড  : ১৫৭ জনক গ্ৰেপ্তাৰ, পঞ্জীয়ন ১৩৩ টা গোচৰ 

ভয়াৱহ ড্ৰাগছৰ কবলত পৰিছে ড্ৰাই ষ্টেট নাগালেণ্ড। যাৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামি পৰিছে নাগালেণ্ড আৰক্ষী।

নাগালেণ্ড আৰক্ষীয়ে যোৱা তিনিমাহত এন ডি পি এছ আইনৰ অধীনত ১৫৭ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ১৩৩ টা গোচৰ ৰুজু কৰে। 

এক চৰকাৰী প্ৰতিবেদন অনুসৰি শুকুৰবাৰে আৰক্ষীয়ে ১৩৯.৫০৩ কেজি গাঞ্জা, ২৮.৮৫৩ কিলোগ্ৰাম আফিং, ৫.১৬৪ কিলোগ্ৰাম হেৰ’ইন, ১.১৪৫ কিলোগ্ৰাম ব্ৰাউন চুগাৰ, ৫,৭৫০ কিলোগ্ৰাম ইয়াবা টেবলেট, ২০,১১৬ ইউনিট অন্যান্য কৃত্ৰিম ড্ৰাগছ আৰু ২,৪৪৬ বটল কাহৰ চিৰাপ জব্দ কৰে। এই নিচাযুক্ত সামগ্ৰীখিনিৰ মূল্য ২০ কোটি টকাৰো অধিক বুলি অনুমান কৰা হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে ৰাজ্য আৰক্ষীৰ বিভিন্ন ইউনিটে ৰাজ্যখনৰ ভিতৰত নিচাযুক্ত দ্ৰব্যৰ চাহিদা হ্ৰাস কৰাৰ প্ৰচেষ্টা আৰু সজাগতা অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ আছে।

এই অভিযানসমূহৰ ভিতৰত জিলা কাৰ্যবাহী বাহিনীৰ কিফিৰে ইউনিটে আৰম্ভ কৰা ‘অপাৰেচন গুড চেমাৰিটান’ উল্লেখযোগ্য। এই অভিযানৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ‘নিচা মুক্তি ভাৰত অভিযান’ শীৰ্ষক  প্লে’কাৰ্ড বিতৰণ কৰিছে।

আৰক্ষীয়েও ড্ৰাগছ সেৱনকাৰী বুলি ধৰা পৰা আৰক্ষী জোৱানসকলক চিনাক্ত কৰি পুনৰ্বাসন আৰু বিষমুক্তকৰণৰ সুযোগ প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। পুনৰ্বাসন কেন্দ্ৰৰ পৰা পলায়ন কৰা বা অনুপস্থিত থকা কৰ্মীসকলকো কঠোৰ সতৰ্কবাণী জাৰি কৰা হৈছে। 

চৰকাৰী প্ৰতিবেদনটিৰ মতে নাগালেণ্ডত ড্ৰাগছৰ বিৰুদ্ধে যথেষ্ট সফলতা লাভ কৰিছে নাগালেণ্ড  আৰক্ষীয়ে।