ডিমাপুৰত দেহ ব্যৱসায় কেন্দ্ৰত অভিযান, অসমৰ বিভিন্ন জিলাৰ যুৱকক গ্ৰেপ্তাৰ

Nagaland police busted sex racket in Dimapur, arrested 5 youths from Assam

প্ৰতীকী ছবি। সৌজন্য- amarujala.com।

দেহ ব্যৱসায়ৰ অভিযোগত ডিমাপুৰ নিউ মাৰ্কেটৰ কেইবাখনো হোটেলত চলোৱা অভিযানত ১৭ গৰাকীকৈ যুৱতী উদ্ধাৰ হোৱাৰ লগতে গ্ৰেপ্তাৰ হৈছে অসমৰ বিভিন্ন ঠাইৰ ৫জন যুৱক, নাগালেণ্ড আৰক্ষীৰ দাবী।

আৰক্ষীয়ে জনোৱা মতে উদ্ধাৰ হোৱা মহিলাসকলক পুনৰসংস্থাপনৰ বাবে আইনী বিধি অনুসৰি বিভিন্ন সংস্থাক অৰ্পণ কৰা হৈছে। ডিমাপুৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰেল’ তি আয়ে নৰ্থ ইষ্ট নাও-ক জনায় যে এই যুৱতীসকলক ধন ঘটাৰ বাবে দালাল আৰু হোটেলৰ মেনেজাৰসকলে ব্যৱহাৰ কৰি আহিছিল। যুৱতীসকলক অতি অস্বাস্থ্যকৰ পৰিৱেশত বন্দী কৰি ৰখা হৈছিল বুলিও জনায় বিষয়াগৰাকীয়ে।

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা যুৱকেইজনৰ পাঁচজনেই অসমৰ— কাৰ্বি আংলঙৰ বকলিয়া বালিজান গাঁৱৰ অমিত প্ৰসাদ (১৮), হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পালহিম চবৰ আলী গাঁৱৰ আলমাচ আলী (১৯), নগাওঁ সদৰ থানাৰ অন্তৰ্গত ৰৌমাৰীৰ হজৰত আলী (২২), শিৱসাগৰ ফুকন নগৰৰ অজয় চন্দ্ৰ (৩৮) আৰু নগাওঁ কামপুৰ দৌপাৰৰ চাইদুল ইছলাম (২৭)। আনজন যুৱক ডিমাপুৰৰ মেদ’ঝ’চা (৩৩)।

ঘটনাটো সন্দৰ্ভত ডিমাপুৰৰ মহিলা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰাখিছে বুলি জনাইছে আৰক্ষীয়ে।

আৰক্ষী বিষয়াগৰাকীয়ে লগতে জনাই যে হোটেলসমূহৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ বাতিল কৰাৰ বাবেও ডিমাপুৰ পৌৰ নিগমক জনোৱা হৈছে।

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে এই “সন্দেহজনক” হোটেলসমূহত আৰক্ষীৰ এটা ৪০ জনীয়া দলে সোমবাৰে অভিযান চলাইছিল।