প্ৰথম বাৰৰ বাবে নাগালেণ্ডে লাভ কৰিব পঞ্চতাৰকাযুক্ত হোটেল

এখনো পঞ্চতাৰকাযুক্ত হোটেল নথকা নাগালেণ্ডে এইবাৰ লাভ কৰিব দুখনকৈ পঞ্চতাৰকাযুক্ত হোটেল। হোটেল প’লো টাৱাৰ্ছ গ্ৰুপে নাগালেণ্ডৰ পৰ্যটন বিভাগৰ অংশীদায়িত্বতৰে নিৰ্মাণ কৰিবলৈ ওলাইছে এখন পঞ্চতাৰকাযুক্ত হোটেল।

এই পঞ্চতাৰকা হোটেলে ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰখনলৈ উন্নয়নমূলক পৰিৱৰ্তন কঢ়িয়াই আনিব বুলি আশা কৰিছে নাগালেণ্ডৰ জনসাধাৰণে। 

টাৱাৰ্ছ গ্ৰুপ আৰু নাগালেণ্ডৰ পৰ্যটন বিভাগৰ এই চুক্তিত ডিমাপুৰত মলৰ সৈতে এখন আৰু কোহিমাত এখন, মুঠ দুখন পঞ্চতাৰকাযুক্ত হোটেল নিৰ্মাণ কৰাৰ কথা উল্লেখ আছে। দুয়োখন হোটেলতে থাকিব ২০০ৰো অধিক কোঠা। 

এই হোটেল নিৰ্মাণৰ প্ৰকল্পৰ বিনিয়োগৰ আনুমানিক পৰিমাণ ১৫০ কোটি টকা বুলি অনুমান কৰা হৈছে।

দুয়োটা প্ৰকল্পই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি) মডেলৰ অধীনত মুকলি কৰা হ’ব। 

জানিব পৰা মতে এই হোটেল দুখনত থাকিব স্থানীয় বাসস্থানৰ আৰ্হি, একাধিক খাদ্য গ্ৰহণৰ স্থান, মনোৰঞ্জন কেন্দ্ৰ, আৰু খুচুৰা দোকান।

এই ল্যাণ্ডমাৰ্ক প্ৰকল্পসমূহে নাগালেণ্ডৰ পৰ্যটন আৰু অৰ্থনৈতিক পৰিৱেশক উন্নীত কৰিবলৈ সাজু হৈছে। পৰ্যটন বিভাগে জনোৱা মতে, ৩ৰ পৰা ৪ বছৰৰ ভিতৰত এই হোটেল নিৰ্মাণৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিব।

এই চুক্তিৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি হোটেল প’লো টাৱাৰ্ছ গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া তথা সঞ্চালক দেৱাল টিব্ৰেৱাল্লাই কয়, “নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ সৈতে অংশীদাৰিত্ব কৰাটো এক গৌৰৱৰ কথা। এই পদক্ষেপসমূহে আতিথ্য খণ্ডক উন্নীত কৰাই নহয়, চাকৰিৰ ক্ষেত্ৰতো অৰিহণা যোগাব।” 

নাগালেণ্ড চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালক কেডুঅ’চি- এম.ৰিঅ’ই কয়, “এই চুক্তিখন নাগালেণ্ডৰ পৰ্যটন খণ্ডক আগুৱাই নিয়াৰ পথত এক মূল শিলাস্তম্ভ। হোটেল প’লো টাৱাৰ্ছ গ্ৰুপৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আমি উৎসাহিত কাৰণ তেওঁলোকৰ গভীৰ অভিজ্ঞতা আছে। এই অভিলাষী প্ৰকল্পসমূহ সাফল্যমণ্ডিত কৰিবলৈ আমি সকলো সমৰ্থন আগবঢ়াবলৈ আগ্ৰহী।’