নাগালেণ্ডে অহা ১০ জুলাইৰ পৰা নিজাববীয়াকৈ আৰম্ভ কৰিব এন আৰ চি প্ৰক্ৰিয়া

776741-769386-nrc-970-assam-1140x570

এন আৰ চিৰ পৰীক্ষণ প্ৰক্ৰিয়া : ফাইল ফটো

নাগালেণ্ড চৰকাৰে ৰাজ্যখনৰ সকলো খিলঞ্জীয়া বাসিন্দাৰ এখন তালিকা প্ৰস্তুত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ গৃহ আয়ুক্তই শনিবাৰে জাৰি কৰা এখন জাননীত উল্লেখ কৰা হৈছে বুলি হিন্দুস্তান টাইমছে বাতৰি প্ৰকাশ কৰিছে।

জাননী অনুসৰি, নাগালেণ্ডৰ খিলঞ্জীয়া বাসিন্দাৰ নাগৰিকপঞ্জী (আৰ আই আই এন) প্ৰস্তুতিৰ কাম অহা ১০ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু ৬০ দিনৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

জাননীখনত কোৱা হৈছে যে যোগ্যতাহীন ব্যক্তিক খিলঞ্জীয়া বাসিন্দাৰ প্ৰমানপত্ৰ (আই আই চি) প্ৰদান বন্ধ কৰাৰ বাবে এই প্ৰস্তুতি গ্ৰহণ কৰা হৈছে।

এই প্ৰক্ৰিয়াটো ৰাজ্যখনৰ প্ৰতিখন গাওঁ আৰু ৱাৰ্ডৰ বাসিন্দাসকলৰ এক ব্যাপক জৰীপৰ জৰিয়তে তথা উপলব্ধ চৰকাৰী তথ্যৰ ভিত্তিত গ্ৰহণ কৰা হ’ব। জৰীপত এগৰাকী খিলঞ্জীয়া বাসিন্দাই তেওঁৰ স্থায়ী বাসগৃহত বসবাস কৰি আছে নে আন ক’ৰবালৈ উঠি গৈছে সেয়াও চালিজাৰি চোৱা হ’ব।

এবাৰ সকলো বাসিন্দাৰ তথ্যসমূহ লিপিবদ্ধ হোৱাৰ পাছত খিলঞ্জীয়া বাসিন্দাৰ প্ৰাৰম্ভিক তালিকা প্ৰকাশ কৰা হ’ব আৰু গাঁও তথা ৱাৰ্ড কৰ্তৃপক্ষই যথাৰ্থতা নিৰ্ণয় কৰিব।

গাঁও আৰু ৱাৰ্ডসমূহত আৰু প্ৰতিখন জিলাৰ ৱেবছাইটত তালিকাসমূহ অহা ১১ ছেপ্টেম্বৰৰ ভিতৰত প্ৰকাশ কৰা হ’ব। দাবী আৰু আপত্তিৰ বাবে ৩০ দিনৰ সময় দিয়া হ’ব।

এই প্ৰস্তুতিৰ কাম চলাবলৈ আৰু সকলোবোৰ গাঁও তথা জনজাতীয় পৰিষদক অৱগত কৰিবলৈ সকলো জিলাৰে জিলা উপায়ুক্তসকলক টীম গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। বিষয়াসকলে চৰকাৰী তথ্য আৰু দাঙি ধৰা নথিপত্ৰৰ ওপৰত ভিত্তি কৰি দাবী আৰু আপত্তিৰ নিষ্পত্তি কৰিব। প্ৰতিজন খিলঞ্জীয়া বাসিন্দাকে এটা য়ুনিক আই ডি প্ৰদান কৰা হ’ব আৰু অহা ১০ ডিচেম্বৰৰ বা তাৰ আগেয়ে চূড়ান্ত তালিকা প্ৰস্তুত কৰি তোলা হ’ব।

নাগালেণ্ড চৰকাৰৰ বিষয়াৰ উদ্ধৃতি দি বাতৰিটোত কোৱা হৈছে, ‘’এবাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’লে সকলো খিলঞ্জীয়া বাসিন্দাকে খিলঞ্জীয়া বাসিন্দাৰ প্ৰমানপত্ৰ (আই আই চি) প্ৰদান কৰা হ’ব আৰু তেওঁলোকৰ বৰ্তমানৰ খিলঞ্জীয়া বাসিন্দাৰ প্ৰমানপত্ৰসমূহ মূল্যহীন হৈ পৰিব।‘’

‘’এবাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পাছত কোনো নতুন  খিলঞ্জীয়া বাসিন্দাৰ প্ৰমানপত্ৰ (আই আই চি) প্ৰদান কৰা নহ’ব আৰু একমাত্ৰ খিলঞ্জীয়া বাসিন্দাৰ নতুনকৈ জন্মলাভ কৰা শিশুক এই প্ৰমান পত্ৰ প্ৰদান কৰা হ’ব আৰু তেওঁলোকৰ নাম খিলঞ্জীয়া বাসিন্দাৰ তালিকাত উন্নীত কৰা হ’ব।‘’

উল্লেখযোগ্য যে অসমত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া চলি আছে আৰু ই প্ৰায় শেষ পৰ্যায়ত আহি উপনীত হৈছে। যোৱা বছৰ জুলাই মাহত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পাইছিল য’ত মুঠ ৩.২৩ কোটি আবেদনকাৰীৰ ভিতৰত ৪০ লাখ লোকৰ নাম বাদ পৰিছিল।

আনহাতে, চলিত বছৰৰ জুন মাহত নথি পত্ৰৰ খেলিমেলি পোৱা ১ লাখ লোকৰ নাম বাদ দি এখন অতিৰিক্ত তালিকা প্ৰকাশ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা এন আৰ চিৰ চূড়ান্ত তালিকা অহা ৩১ জুলাইত প্ৰকাশ পাব।