ওকালতি জীৱনৰ ৫০ বছৰ পূৰ্ণ : নগাঁৱত জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ কুমাৰ বৰাক সম্বৰ্ধনা

nagaon advocate.docx photo.jpg 2

নগাঁও উকীল সন্থাৰ উদ্যোগত জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ কুমাৰ বৰাৰ ওকালতি জীৱনৰ পঞ্চাশ বছৰ উপলক্ষে শনিবাৰে সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত হয়। উকীল সন্থাৰ অন্তৰ্ভুক্ত প্ৰতিগৰাকী সদস্যক ৫০ বছৰ অতিক্ৰম কৰিলে পৰম্পৰা অনুসৰি সন্থাই বিশেষ সন্মান প্ৰদৰ্শন কৰি আহিছে। সেই অনুসৰি নগাঁও উকীল সন্থাত নিজৰ কৰ্মজীৱনৰ ৫০ বছৰ পুৰ্তি উপলক্ষে প্ৰদ্যুৎ কুমাৰ বৰাক শনিবাৰে সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

নগাঁও উকীল সন্থাৰ সভাপতি গংগাবল্লভ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সম্বৰ্ধনা গ্ৰহণ কৰি বৰাই অতি আৱেগিক হৈ পৰে। তেওঁ ভাষণত কয় যে মানুহক প্ৰকৃত ন্যায় দিয়াটো ন্যায়াধীশ আৰু অধিবক্তাৰ প্ৰধান কৰ্তব্য। প্ৰকৃত ন্যায়ৰ পৰা মানুহ বঞ্চিত হ’লে সমাজত ইয়াৰ কু-প্ৰভাৱ পৰে। সেয়ে সংশ্লিষ্ট সকলো পক্ষ এই ক্ষেত্ৰত সতৰ্ক হোৱা উচিত।

তেওঁ লগতে ভাষণ প্ৰসংগত দীঘলীয়া ওকালতি জীৱনৰ অভিজ্ঞতাৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে। এই সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰুমী কুমাৰী ফুকনে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কয় যে প্ৰদ্যুৎ কুমাৰ বৰাৰ দৰে জ্যেষ্ঠ অধিবক্তা সকলে কনিষ্ঠ সকলক উৎসাহিত কৰাত সহায় কৰি আহিছে। অধিবক্তাসকল নিজৰ কৰ্মক্ষেত্ৰৰ উপৰি সমাজৰ বিভিন্ন স্তৰৰ কাম-কাজত জড়িত হ’লে সমাজখন সঠিক দিশত পৰিচালিত হ’ব পাৰে বুলি তেওঁ মন্তব্য কৰে।

তদুপৰি ন্যায়াধীশ গৰাকীয়ে জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰাৰ জীৱনৰ বিভিন্ন দিশ সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। উল্লেখ্য যে নগাঁও চহৰৰ তিলক ডেকা পথৰ নিবাসী প্ৰদ্যুৎ কুমাৰ বৰাই ১৯৫৬ চনতে মেট্ৰিক পাঁচ কৰাৰ পিছত শ্বিলঙৰ চেইণ্ট এণ্ডমাণ্ডচ্ কলেজৰ পৰা বি এ ডিগ্ৰী লাভ কৰি ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছত তেওঁ ১৯৬৭ চনতে নগাঁও উকীল সন্থাত লাৰ্নাৰ হিচাপে যোগদান কৰি আজিলৈকে ওকালতি জীৱন অব্যাহত ৰাখিছে। বৰ্তমান ৮০ বছৰ গৰকা প্ৰদ্যুৎ কুমাৰ বৰাই নিৰৱচ্ছিন্নভাৱে ওকালতি কাৰ্য অব্যাহত ৰখাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ নিস্বাৰ্থভাৱে সমাজসেৱা কৰি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।