বটদ্ৰৱাত কিশোৰীক ধৰ্ষণ কৰি জীৱন্তে জ্বলোৱাত দোষী জাকিৰ, ৰায় নগাওঁ জিলা আদালতৰ

jakir hussain

দোষী জাকিৰ হুছেইন। ফট’ ফে’ছবুকৰ পৰা।

ৰাজ্য জোকাৰি যোৱা নগাঁৱৰ বটদ্ৰৱাৰ লালুং গাঁৱৰ বলাৎকাৰ আৰু হত্যাৰ ঘটনাত অভিযুক্ত জাকিৰ হুছেইন নামৰ যুৱকজনক মঙলবাৰে নগাঁৱৰ জিলা আৰু সত্ৰ ন্যায়াধীশে দোষী সাব্যস্ত কৰিছে।

অৱশ্যে অহা ৭ ছেপ্তেম্বৰতহে জাকিৰ হুছেইনৰ শাস্তি ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰিছে জিলা সত্ৰ ন্যায়াধীশ ৰীতা কৰৰ আদালতে।

জাকিৰক উক্ত গোচৰত দোষী সাব্যস্ত কৰাৰ বিপৰীতে আদালতে তেওঁৰ পিতৃ, মাতৃ আৰু ভনী জোঁৱায়েকক দোষমুক্ত বুলি ৰায়দান কৰে৷

পঢ়ক কিশোৰীক ধৰ্ষণ-হত্যাত অভিযুক্ত পলাতক জাকিৰক গ্ৰেপ্তাৰ আৰক্ষীৰ

চলিত বৰ্ষৰ ২৩ মাৰ্চত জাকিৰ হুছেইনে একে গাঁৱৰে এগৰাকী ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰি জীৱন্তে জ্বলাই দিছিল।

ঘটনাটোৰ পিছতে পলায়ন কৰা নগাঁৱৰ ইটাপাৰা লাওগাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰা জাকিৰৰ বিৰুদ্ধে বটদ্ৰৱা থানাত ৰুজু হোৱা ৬৪/১৮ নম্বৰৰ গোচৰটোতে মঙলবাৰে তেওঁক দোষী সাব্যস্ত কৰা হৈছে।

নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিৰ নেতৃত্বত গঠিত বিশেষ তদন্তকাৰী দলে তৎপৰতাৰে অভিযুক্ত জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগতে অগ্ৰাধিকাৰ ভিত্তিক তদন্তৰে আদালতত বিস্তৃত অভিযোগনামা দাখিল কৰিছিল৷

ঘটনাটোত ব্যাপক ৰাজহুৱা প্ৰতিক্ৰিয়া হৈছিল।