চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই ৯ জন লোকক গ্ৰেপ্তাৰ নগাঁও আবকাৰী বিভাগৰ

2eaf20f1-f769-4f08-9d52-9d4e48cc058e

নগাঁও আবকাৰী বিভাগে দেওবাৰে গ্রেপ্তাৰ কৰা সুৰা ব্যৱসায়ী তথা সুৰা সেৱনকাৰীৰ কেইজনমান। ফটো : নৰ্থইষ্ট নাও

চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি এই আপ্তবাক্য শাৰী সত্য প্ৰমাণিত কৰি অৱশেষত গা-লৰিল নগাঁও আবকাৰী বিভাগৰ। কিয়নো গোলাঘাট, যোৰহাট, তিতাবৰত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত শতাধিক লোকৰ প্ৰাণ হানি ঘটাৰ পাছত হঠাৎ তৎপৰতা প্ৰদৰ্শন কৰিছে ঘোৰ টোপনিত নিদ্ৰামগ্ন নগাঁও আবকাৰী বিভাগে।

দীৰ্ঘদিন ধৰি অবৈধ সুৰাৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণ নকৰা জিলা আবকাৰী বিভাগে উদ্ধৰ্তন কৰ্তৃপক্ষৰ কঢ়া নিৰ্দেশত দেওবাৰে নগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। বিভাগটোৱে নগাঁও চহৰকে ধৰি ইয়াৰ পাশ্বৱৰ্তী অঞ্চলত পুৱাৰ পৰাই অভিযান চলাই অবৈধ সুৰা বেপাৰীৰ লগতে সুৰা সেৱন কৰা ৯ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।

নগাঁও আবকাৰী বিভাগৰ অধীক্ষক মানবী দাস, উপ অধীক্ষক মনোজ চহৰীয়া, পৰিদৰ্শক ইমদাদ হুছেইনৰ নেতৃত্বত যোৱা আবকাৰী বিভাগৰ এটা দলে নগাঁও চিভিল গেট, ফৌজদাৰী পট্টী, হৰিজন কলনী, মৰিকলং, কাঠমিল চাৰিআলি, ডিমৰুগুৰি আদিত অভিযান চলাই কেবাজনো অবৈধ সুৰা ব্যৱসায়ী আৰু সুৰা সেৱন কৰা লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক কেইজন হ’ল- শ্বকিব আনছাৰী, কিংকু শইকীয়া, শিৱম সুত্ৰধৰ, দুলাল আলি, ৰাজেশ, আনোৱাৰ হুছেইন, আব্দুল হামিদ, চবিন পাচী আৰু জীতেন হাজৰিকা। লগতে আবকাৰী বিভাগে এই অঞ্চল সমূহৰ পৰা বুজন পৰিমানৰ অবৈধ সুৰা জব্দ কৰে।

উল্লেখ্য যে, নগাঁও জিলাৰ ৰাইদঙিয়া, বটদ্ৰৱা, পাঠৰি, ৰূপহী, গটঙা, ভেলগুৰি, গড়াজান, জুৰীয়া বজাৰ, গৰেমাটি খোৱা, বঢ়মপুৰ, বৰবাৰী, চাপানালা, কঠিয়াতলি, কামপুৰ, সুতিৰপাৰ, ইটাপাৰা, জাজৰি, ধিং, ৰহা, ফুলগুৰি, বেবেজীয়া, চাপৰমুখ, আমচৈ, কন্দলি, গেন্ধালি, জখলাবন্ধা, বুঢ়া পাহাৰ, ছালনা, মিছাকে ধৰি বিভিন্ন অঞ্চলৰ লগতে জিলা খনৰ ২৪ খনৰো অধিক চাহ বাগিছাত চুলাই মদৰ ৰমৰমীয়া বেহা অব্যাহত আছে।

তদুপৰি, জিলাখনৰ কেইবা স্থানতো একাংশ লোকে চুলাই মদ প্ৰস্তুত কৰি টেম্পু, ৰেইলৰ জৰিয়তে নগাঁও চহৰ আৰু ইয়াৰ পাশ্বৱৰ্তী অঞ্চললৈ সৰবৰাহ কৰি আহিছে। এনেবোৰ অবৈধ সুৰাৰ ঘাটি উচ্ছেদ কৰাৰ বাবে স্থানীয় সচেতন ৰাইজে বিভিন্ন সময়ত জিলাখনৰ আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনক দাবী জনাই আহিছে যদিও বিভিন্ন অজুহাত দেখুৱাই এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱাৰ পৰা বিৰত থাকে।উল্লেখ্য যে দুবছৰ পুৰ্বে মিছাত বিষাক্ত সুৰা সেৱন কৰি দুজন লোকৰ মৃত্যু হৈছিল।