মোক বাংলাদেশী বুলি কৈ ইতিকিং কৰাটো আছিল মোৰ বাবে অতি বেদনাদায়ক : ছিৰাজ

‘বিগত দুবছৰো অধিক কাল ধৰি মানসিক, শাৰীৰিক আৰু অৰ্থনৈতিক সংকটত ভূগি সম্প্ৰতি জুৰুলা হৈ পৰিছোঁ। একাংশ মানুহে মোক বাংলাদেশী বুলি কৈ ইতিকিং কৰাটো আছিল মোৰ বাবে অতি যন্ত্ৰণাদায়ক তথা বেদনাদায়ক। ইমান দিনে হতাশাত ভুগি আছিলোঁ যদিও অৱশেষত আজি আদালতে ন্যায় দিলে।” -এই মন্তব্য প্ৰদান কৰে নগাঁও বিদেশী ন্যায়াধিকৰণ (১নং) আদালতে ৩ জানুৱাৰিত ভাৰতীয় বুলি ঘোষণা কৰা ছিৰাজ খানে।

উল্লেখযোগ্য যে নগাঁও চহৰৰ সমীপৰ শিয়ালমাৰীৰ নিৱাসী ছিৰাজ খানে ২০১৬ চনৰ ৯ এপ্ৰিলতে বিদেশী বুলি প্ৰথমখন জাননী লাভ কৰিছিল। নগাঁও চহৰত ইলেকট্ৰিক মেকানিকৰ কাম কৰি দুই পুত্ৰ আৰু পত্নীসহ চাৰিজনীয়া পৰিয়ালটো যেনেতেনে পোহপাল দি থকা ছিৰাজে বিদেশীৰ জাননী পোৱাৰ পিছৰে পৰা আদালতৰ দুৱাৰে দুৱাৰে তাঁতবাতি কাঢ়িব লগীয়া হৈছিল।

নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিবলৈ যুঁজি যুঁজি এক প্ৰকাৰ সৰ্বস্বান্ত হৈ পৰা ছিৰাজক অৱশেষত ৩ জানুৱাৰীত নগাঁও বিদেশী ন্যায়াধীকৰণ (১নং) আদালতে ভাৰতীয় হিচাপে ঘোষণা কৰে। ন্যায়-আদালতৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস থকা ছিৰাজ খানে আদালতৰ ঘোষণাৰ পিছতে সংবাদ মাধ্যমৰ আগত কয় যে, ‘মোৰ দৰে আন কোনো ভাৰতীয় নাগৰিকৰ যাতে এনে দুৰ্বিষহ সমস্যাৰ সন্মুখীন নহয়, তাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনালো।