সোনকালে পাবলগীয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰীয়ে: নগাঁও কাগজ কল ঠিকাদাৰ সন্থা

নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই সোমবাৰে এক সংবাদমেল যোগে তেওঁলোকে পাবলগীয়া ধন সোনকালে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

সংবাদমেল যোগে নগাঁও কাগজ কল ঠিকাদাৰ সন্থাৰ সভাপতি নাৰায়ণ প্ৰসাদ শৰ্মাই কয়, “হিন্দুস্তান কাগজ নিগমৰ অধীনত মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত নগাঁও কাগজ কল আৰু হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত অৱস্থিত কাছাৰ কাগজ কল- এই দুয়োটা বৃহৎ কাগজ উদ্যোগ যোৱা ৫ (পাঁচ) বছৰে বন্ধ হৈ থকাৰ ফলত ইয়াত নিযুক্ত হৈ থকা বিষয়া-কৰ্মচাৰী, শ্রমিক সকলৰ লগতে এই উদ্যোগত বিভিন্ন সামগ্রী যোগনীয়াৰ, উদ্যোগ মেৰামতিত সেৱা আগবঢ়াই থকা বিভিন্নজন ঠিকাদাৰ আৰু আমাৰ অধীনস্থ বিভিন্নজন শ্রমিক কর্মহীন হৈ পৰাৰ লগতে আমাৰ বিভিন্ন কামৰ বিপৰীতে মিলৰ পৰা পাবলগীয়া ধন নোপোৱাৰ ফলত অভাৱনীয় ভাবে আর্থিক সংকটত পৰো আৰু আমাৰ নিম্নতম ঘৰ-সংসাৰ চলোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে৷’’

তেওঁ কয়, ‘’অতি দুখৰ বিষয় এই যে, ইতিমধ্যে আমাৰ ৬ জন সতীর্থ ঠিকাদাৰ অর্থৰ অভাৱত উন্নত চিকিৎসা কৰাব নোৱাৰি মৃত্যুমুখত পৰিছে আৰু কেইজনমান দুৰাৰোগ্য ব্যাধিত ভূগি আছে।‘’

ইতিমধ্যে কাগজ কল দুটাৰ বিষয়টো ৰাষ্ট্রীয় কোম্পেনী ল’ ট্ৰিব্যুনালত বিচৰাধীন হৈ আছে আৰু ক’ৰ্টে কাগজ কল দুটাৰ নিলাম ঘোষণা কৰিছে।

‘’এই ঘোষণাত আমি নগাঁও কাগজ কল কন্ট্রেক্টৰ’ছ এছ’চিয়েছনৰ সমূহ সদস্যই আশ্চর্য প্ৰকাশ কৰিছো আৰু আমাৰ ভবিষ্যত অন্ধকাৰ হৈ পৰিছে।‘’ ঠিকাদাৰ সন্থাৰ সভাপতি শৰ্মাই কয়।

অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰ গঠনৰ সময়ৰ পৰা কাগজ কলৰ বিষয়টো গুৰুত্ব সহকাৰে উদ্যোগ লৈ সকলো কর্মচাৰীকে সন্তুষ্ট কৰি ইতিমধ্যে ৫৭০ কোটি টকাৰ এটি পেকেজ ঘোষণা কৰিছে বুলি উল্লেখ কৰে শৰ্মাই।

তেওঁ কয়, ‘’মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ শ্রমিক-কর্মচাৰীৰ লগতে সকলোৱে শলাগিছে। আমিও তেওঁৰ এই দূৰদৰ্শী আৰু কাৰ্যকৰী সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো। আশা কৰো তেওঁৰ এই সিদ্ধান্ত আৰু পৰৱর্তী পদক্ষেপ সমূহ কাগজ কলৰ এই দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাব।‘’

ঠিকাদাৰ সন্থাৰ সভাপতি শৰ্মাই কয় যে এই কাগজ কলৰ উৎপাদন আৰু বিভিন্ন কর্মৰ লগত এসময়ত জড়িত হৈ থকা তথা কাগজ কলৰ পৰা ধন পাবলগীয়া বিভিন্নজন ব্যক্তি, ঠিকাদাৰে অসমৰ বিভিন্ন জিলাৰ, বিভিন্ন জনগোষ্ঠীৰ বাঁহ খেতিয়কসকল, যোগানকাৰী সকল, আমি সকলোৱে আর্থিকভাবে জুৰুলা হৈ পৰিছো আৰু বেংকৰ ঋণত আমি দেউলীয়া হৈ পৰিছো।

‘’আমি নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই সম্মানীয় সদস্যৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে অনুৰোধ জনাওঁ যে বিষয়া-শ্রমিকসকলৰ দৰে আমাকো তথা আমাৰ লগত জড়িত শ্রমিকৰ দুৰাৱস্থাৰ কথা চিন্তা কৰি আলোচনাৰ মাধ্যমেৰে এক উচিত সিদ্ধান্ত লৈ আমাৰ মিলৰ পৰা পাবলগীয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰে যেন,’’-সভাপতি শৰ্মাই কয়।

তেওঁ লগতে আশা প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ বাবে আমি আশাবাদী আৰু আন্তৰিকভাবে তেওঁ নিশ্চয় আমাৰ ভবিষ্যতৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ উদ্যোগ জগতৰ এক প্ৰত্যাহ্বানমূলক সমস্যা সমাধান কৰিব।