নগাঁৱৰ জুৰীয়াত অবৈধ মাৰণাস্ত্ৰসহ দুৰ্ধৰ্ষ ডকাইত গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ২৭ ফেব্ৰুৱাৰিৰ নিশা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই জিলাখনৰ জুৰীয়া বগৰীগুৰিৰ পৰা এজন দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ধৃত ডকাইতটো জুৰীয়াৰ কলনি জলাহ অঞ্চলৰ বিল্লাল উদ্দিন বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। আৰক্ষীয়ে বিল্লালৰ পৰা দুটা ৭.৬৫ পিষ্টল, এটা পইণ্ট .২২ পিষ্টল, ১১ জাঁই সজীৱ গুলী আৰু এটা ম’বাইল জব্দ কৰে।

আৰক্ষীয়ে জনোৱা মতে ধৃত বিল্লালে পিষ্টল তিনিটা কোনো লোকক বিক্ৰীৰ বাবে যোজা চলাওঁতেই নগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বিল্লালক গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে বিল্লালে পূৰ্বে এক ডকাইতি গোচৰত গ্ৰেপ্তাৰ হৈ প্ৰায় এমাহ পূৰ্বে কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰিছিল।

জুৰীয়া অঞ্চলৰ বিভিন্ন অপৰাধ জনিত ঘটনাৰ অভিযুক্ত বিল্লালে জামিনত মুক্তি লাভ কৰি পুনৰ অবৈধ অস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত হৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

তাৰোপৰি বিল্লাল আন্ত:ৰাজ্যিক অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি বিল্লালক নগাঁও আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে।